/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/385498-shiela-1.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীয়ে শনিবাৰে পূব দিল্লী লোকসভা সমষ্টিৰ তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতক সাক্ষাৎ কৰি আশীৰ্বাদ লয়।
Delhi BJP Chief Manoj Tiwari met Delhi Congress chief Sheila Dikshit today and sought her blessings. pic.twitter.com/tZNXufWxZQ
— ANI (@ANI) May 25, 2019
পূব দিল্লী লোকসভা সমষ্টিত সদ্য ঘোষিত লোকসভা নিৰ্বাচনত বিজেপিৰ মনোজ তিৱাৰীয়ে কংগ্ৰেছৰ শীলা দিক্ষীতক ৩,৬৬,১০২ ভোটৰ ব্যৱধানত পৰাভূত কৰে। নিৰ্বাচনত পৰাভূত কৰিলেও শনিবাৰে শীলা দিক্ষীতক সাক্ষাতৰ পিছত মনোজ তিৱাৰীয়ে কয়, 'শীলা দিক্ষীত এগৰাকী অভিজ্ঞ আৰু দক্ষ নেত্ৰী। তেওঁৰ পৰা আমি বহুত শিকিবলগীয়া আছে। তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰি মই আজি সুখী হৈছো। পূৱ দিল্লীৰ বিকাশৰ বাবে তেওঁ মোক সহযোগ আগবঢ়োৱাৰ আশ্বাসো দিছে।' উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত দিল্লীৰ ৭ খন আসনৰ আটাইকেইখনেই বিজেপিৰ দখললৈ যায়।