/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/155bf4f1-b48d-46ab-802d-05cba574ad89.jpg)
ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতেই কংগ্ৰেছে শোচনীয়ভাৱে পৰাজয় বৰণ কৰে। এই পৰাজয়ে কংগ্ৰেছ নেতা-কৰ্মীৰ আশাত চেঁচা পানী ঢালিছে। দীৰ্ঘদিন ধৰি দলৰ হৈ কৰি অহা কষ্ট, ত্যাগেও কংগ্ৰেছ কৰ্মীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম নহ'ল। তাৰ বিপৰীতে ফত্তৰ প্ৰদেশৰ ৰায়গড়ত কংগ্ৰেছে ৰাজহুৱাভাৱে এজন কৰ্মীক মুণ্ডন কৰাবলৈ বাধ্যহে কৰালে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019-05/espl0vfo_congress-worker-_625x300_25_May_19.jpg)
উত্তৰ প্ৰদেশৰ এজন কংগ্ৰেছ কৰ্মীয়ে এজন বিজেপি কৰ্মীৰ সৈতে বাজী লগাইছিল নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে। বাজীত কংগ্ৰেছ কৰ্মীজনে যদি কংগ্ৰেছ পৰাজিত হয় তেন্তে ৰাজপথত সকলোৱে দেখাকৈ মুণ্ডন কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাত যেতিয়া কংগ্ৰেছ কেৱল উত্তৰ প্ৰদেশতে নহয় সমগ্ৰ দেশতে বিধ্বস্ত হ'ল, তেতিয়া উপায়ন্তৰ হৈ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব লগা হ'ল কংগ্ৰেছ কৰ্মীজনে। সেই অনুসৰি শনিবাৰে ৰায়গৰৰ ৰাজপথত ৰাজহুৱাভাৱে মুণ্ডন কৰালে তেওঁ।
ৰজপথত চুলি ক্ষুৰাই কংগ্ৰেছ কৰ্মীজনে কয়, 'মই বিজেপি কৰ্মীজনক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছো। বাজীত মই হাৰিছো। গতিকে মই চুলি ক্ষুৰাবলৈ বাধ্য। আমাৰ দল পৰাজিত হ'ব বুলি আশা কৰা নাছিলো। ভাবিছিলো এইবাৰ দলে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। কিন্তু সেয়া নহ'ল।'