নিৰ্বাচনী সভাত অংশ ল’বলৈ ঘৰে ঘৰে গৈ ধন বিতৰণ কংগ্ৰেছ প্ৰাৰ্থীৰ, নিৰ্বাচন আয়োগত অভিযোগ দাখিল এনডিএ মিত্ৰদলৰ

নিৰ্বাচনী সভাত অংশ ল’বলৈ ঘৰে ঘৰে গৈ ধন বিতৰণ কংগ্ৰেছ প্ৰাৰ্থীৰ, নিৰ্বাচন আয়োগত অভিযোগ দাখিল এনডিএ মিত্ৰদলৰ

author-image
asomiyapratidin
New Update
নিৰ্বাচনী সভাত অংশ ল’বলৈ ঘৰে ঘৰে গৈ ধন বিতৰণ কংগ্ৰেছ প্ৰাৰ্থীৰ, নিৰ্বাচন আয়োগত অভিযোগ দাখিল এনডিএ মিত্ৰদলৰ

  • কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলৈ ঘৰে ঘৰে গৈ ধন বিতৰণ কংগ্ৰেছ প্ৰাৰ্থীৰ।
  • ফেচবুকত ভাইৰেল হৈ পৰিছে ধন বিতৰণৰ এই দৃশ্য।
  • ভাটিন্দা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অমৰিন্দৰ সিং ৰাজাই বিলাইছিল এই ধন।
  • টিংকু পঞ্জাৱ নামৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি ধন দি নিৰ্বাচনী সভাত অংশ ল'বলৈ আহ্বান জনাইছিল কংগ্ৰেছ প্ৰাৰ্থীজনে।
  • ইফালে এই দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে পঞ্জাৱৰ মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে শিৰোমণি অকালী দলৰ নেতাই।
  • কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিৰুদ্ধে অভিযোগ দাখিল এনডিএ মিত্ৰজোঁটৰ দলটোৰ।
  • কংগ্ৰেছ প্ৰাৰ্থীজনৰ শিক্ষাগত অৰ্হতাক লৈও নিৰ্বাচন আয়োগত ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ।
  • অমৰিন্দৰ সিং ৰাজাক গ্ৰেপ্তাৰ কৰাৰ দাবী শিৰোমণি অকালী দলৰ নেতাসকলৰ।