New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/congress.jpg)
প্ৰতিকী ফটো
- ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে।
- মুঠ ৭ পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ৪ টা পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে অন্ত পৰিছে।
- অহা ১৯ মে'ত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
- পঞ্জাৱ আৰু চণ্ডীগড়ত ১৯ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ।
- ৰাজ্য দুখনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কংগ্ৰেছে ঘোষণা কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5Xw_hSU0AAnbAO.jpg)
- কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত দলটোৰ ৪০ জন জ্যেষ্ঠ নেতাৰ নাম অন্তৰ্ভূক্ত।
- ৰাহুল গান্ধী, ছোনীয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীও আছে এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত।
- পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু বাক চাতুৰ্যৰে বিৰোধীক ধৰাশায়ী কৰা নৱজোৎ সিং সিদ্ধুৱেও চলাব নিৰ্বাচনী প্ৰচাৰ।
- ৰাজ বাব্বৰ, গুলাম নবী আজাদৰ দৰে নেতাও স্থান পাইছে এই তালিকাত।