/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Rajnath-Singh-Home-Minister-770x433.jpg)
ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে মঙলবাৰে পুনৰ ৩ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। এই প্ৰাৰ্থী তালিকাখনত কংগ্ৰেছে সন্নিবিষ্ট কৰিছে লক্ষ্ণৌ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নামো। লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আচাৰ্য্য প্ৰমোদ কৃষ্ণমক। ইফালে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এছপি-বিএছপি মিত্ৰজোঁটংৰ প্ৰাৰ্থী পুনম সিনহাইয়ো।
আনহাতে মধ্যপ্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পংকজ সাংঘৱীক। বিজেপিৰ দুৰ্গ স্বৰূপ এই সমষ্টিৰ পৰা একেৰাহে কেইবাবাৰো সাংসদ হিচাপে জয়ী হোৱা বিজেপিৰ সুমিত্ৰা মহাজনে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা কৰাৰ পিছতে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী প্ৰদানক লৈ চৰ্চা চলিছে।
কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা আন এটা সমষ্টি হৈছে উত্তৰ প্ৰদেশৰ কেশৰগঞ্জ লোকসভা সমষ্টি। এই সমষ্টিটোত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিনয় কুমাৰ পাণ্ডেয়াই। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বৃজভূষণ চৰণ সিঙৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ তীব্ৰ যুঁজ হ'ব বুলি অনুমান কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us