/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/373774-salman-yogen.jpg)
ডিজিটেল ডেস্কঃ বলীউডৰ চুপাৰষ্টাৰ, মোষ্ট এলেজিবল বেটচেলৰৰ চলমান খানৰ ওচৰত একোৰে অভাৱ নাই। কোটি কোটি টকাৰ মালিক চলমান খান। আনকি তেওঁৰ গাড়ী চালকজনৰ মাহিলী দৰমহাও লাখৰ ঘৰত। পিছে এইগৰাকী চলমানেই এগৰাকী সাধাৰণ লোকৰ পৰা মোবাইল কাঢ়ি নিয়া বুলি অভিযোগ উত্থাপন কৰিছে এজন ব্যক্তিয়ে। ব্যক্তিজনে চলমান খানৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে।
দৰাচলতে বলীউড অভিনেতা চলমান খানে নিজৰ বাসগৃহৰ কাষতে চাইকেল চলাই আছিল। সেই সময়ত তেওঁৰ লগতে আছিল তেওঁৰ দেহৰক্ষী সকলো। অনুগামীৰ হিয়াৰ আমঠু চলমান খানে এনেদৰে ৰাজপথত চাইকেল চলাই থকা দেখিয়েই কম সময়ৰ ভিতৰতে ৰাজপথৰ চৌপাশে অনুগামীয়ে ভীৰ কৰে। অনুগামীৰ লগতে চলমান খানৰ সেই মুহূৰ্ত কেমেৰাত আবদ্ধ কৰিবলৈ উপস্থিত হয় সাংবাদিকসকলো।
তেনে এজন সাংবাদিকে মোবাইলেৰে চলমান খানৰ ভিডিঅ' বনাই থকা অৱস্থাত অভিনেতাজনে তেওঁৰ মোবাইলটো লৈ সেই স্থানৰ পৰা গুছি যায়। পিছতে সাংবাদিকজনে চলমানখানৰ বিৰুদ্ধে ওচৰেৰে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰত তেওঁ লিখিছে যে তেওঁ চলমান খানৰ দেহৰক্ষীৰ অনুমতিৰ পিছতহে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। কিন্তু চলমানে তেওঁক ভিডিঅ' বনোৱা দেখি ওচৰলৈ আহে আৰু মোবাইলটো লৈ সেই ঠাইৰ পৰা আতৰি যায়। তাৎপৰ্যপূৰ্ণভাৱে সাংবাদিকজনে এজাহাৰত চলমানে মোবাইলটো লৈ সেই ঠাইৰ পৰা পলায়ন কৰা বুলিহে লিখে।
ইফালে কিছু সময় পিছত চলমান খানে পুনৰ উভতি আহি সাংবাদিকজনক মোবাইলটো উভতাই দিয়া বুলিও মন্তব্য কৰে সাংবাদিকজনে। উল্লেখ্য যে, অভিনেতা চলমান খানে প্ৰায়ে তেওঁৰ অনুৰাগীসকলৰ লগত প্ৰায়ে ধেমালি কৰি এক আন্তৰিকতাপূৰ্ণ সম্পৰ্ক গঢ়ি আহিছে। তেনে এক কাৰণতেই সাংবাদিকজনৰো মোবাইলটো লৈ গৈ পুনৰ উভতাই দিয়া বুলি মন্তব্য কৰিছে বিভিন্নজনে।