ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে ছানী দেউলে। বিজেপিত যোগদান কৰাৰ পাছতে দলীয় টিকটো লাভ কৰিছে অভিনেতাগৰাকীয়ে। পুত্ৰই ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰাক লৈ পিতৃ ধমেন্দ্ৰই সংবাদমাধ্যমৰ সন্মুখত ক'লে ' ছানী ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্তত মই সুখী। সি ৰাজনীতিৰ এ বি চি একো নাজানে। কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত আছে। মই বিকানেৰত যেনেকুৱা কাম কৰিছিলো, ছানীয়েও সেই কামকে কৰিব।' উল্লেখ যোগ্য যে, ছানী দেউলে সোমবাৰে গুৰদাসপুৰত মনোনয়ন পত্ৰ দাখিল কৰিছে। এই গুৰদাসপুৰ লোকসভা সমষ্টিত চাৰিবাৰকৈ সাংসদ হিচাপে জয়ী হৈছিল প্ৰয়াত অভিনেতা বিনোদ খান্না।
— ANI (@ANI) April 29, 2019
ৰাজনীতিৰ এ বি চি নাজানো, কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত প্ৰৱাহিত…চাওক VIDEO