প্ৰতিকুল বতৰক নেওচি পূজা মণ্ডপে মণ্ডপে আশীৰ্বাদ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...
himanta biswa sarma
himanta biswa sarma

ডিজিটেল সংবাদ নগাঁও : সোমবাৰে মহা অষ্টমীৰ দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্হিত হয় নগাঁৱত ৷ গুৱাহাটীৰ নাৰেঙ্গীস্থিত সেনা বাহিনীৰ হেলিপেডৰ পৰা মুখ্যমন্ত্ৰী গৰাকী পোনে পোনে নগাঁৱত উপস্হিত হয় ৷

দিনৰ ১১-১৫ বজাত নগাঁৱত উপস্হিত হৈ বৰষুণৰ মাজটো মুখ্যমন্ত্ৰীগৰাকী প্ৰথমে উপস্হিত হয় আমোলাপট্টি নাট্য মন্দিৰৰ পূজা মণ্ডপত ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমোলাপট্টি নাট্যমন্দিৰৰ পূজা মণ্ডপত শক্তি আৰাধ্য দেৱী মা দুৰ্গাৰ চৰনত শৰাই আগবঢ়াই আৰ্শীবাদ গ্ৰহণ কৰে ৷

আমোলাপট্টি পূজা মণ্ডপৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পোনে পোনে গৈ উপস্হিত হয় নগাঁও বাঙ্গালী সন্মিলনীৰ পূজা মণ্ডপত ৷ পিছতে মুখ্যমন্ত্ৰীগৰাকী মনসা মন্দিৰ আৰু ৰামকৃষ্ণ মিচন পূজা মণ্ডপলৈ যায় ৷

হিন্দু মিলন মন্দিৰৰ পূজা মণ্ডপৰ পৰা হয়বৰগাঁও বীনাপানী নাট্য মন্দিৰ পূজা মণ্ডপ , বেঙ্গলী নাট্য সন্মিলনী পূজা মণ্ডপত উপস্হিত হয় ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ফৌজদাৰীপট্টি কলা মন্দিৰ পূজা মণ্ডপত উপস্হিত হৈ মা দুৰ্গাৰ আৰ্শীবাদ গ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰী ড০ শৰ্মাই দৰ্শন কৰা আঠখন পূজা মণ্ডপৰ ভিতৰত গৰিষ্ঠ সংখ্যকেই শতবৰ্ষ গৰকা পূজাস্হলী ৷ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই সময়ত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in