/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/720201-bjp-flags-pti.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ এগজিট প'লৰ ফলাফলক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। গৰিষ্ঠ সংখ্যক সমীক্ষক সন্থাই ৩০০ৰো অধিক আসনেৰে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি এগজিট প'লৰ ফলাফল প্ৰকাশ কৰিছে যদিও, এই ফলাফলত আশ্বস্ত হ'ব পৰা নাই স্বয়ং শাসকীয় দলটো।
বিজেপি আৰু এন ডি এয়ে কোনো কোনো সন্থাৰ মতে, ৩৫০ৰো অধিক আসন লাভ কৰিব বুলি উল্লেখ কৰিছে যদিও, বিজেপিয়ে চৰকাৰ গঠনৰ বাবে সাজু কৰিছে প্লেন-বি। যদি পশ্চিমবংগ আৰু উত্তৰপ্ৰদেশত দলটোৱে ভাল ফলাফল লাভ কৰে তেন্তে ৩০০ৰো অধিক আসন পোৱাৰ সম্ভাৱনা আছে।
এগজিট প'লৰ সমীক্ষালৈ বহি নাথাকি প্লেন বিৰ অধীনত বিজেপিক সমৰ্থন আগবঢ়াব পৰা আন বিৰোধী দলসমূহৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে দলটোৱে। তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত দলটোৱে সমৰ্থন দিব পৰা ৰাজনৈতিক দলৰ সন্ধান অব্যাহত ৰাখিছে।
এতিয়ালৈকে টিআৰএছ আৰু ৱাই এছ আৰ কংগ্ৰেছৰ কাৰো সৈতে মিত্ৰজোঁট গঠন হোৱা নাই। যদি তৃতীয় ফন্টৰ গঠন হয় এই দুয়োটা দল সেই ফন্টৰ সৈতে চামিল হোৱাৰ সম্ভাৱনা আছে। তৃতীয় ফন্ট গঠনেৰে চৰকাৰ গঠন হ'লেও, সেই চৰকাৰৰ সুস্থিৰতাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে।
বিহাৰতো বিজেপিৰ ফলাফলক লৈ আশ্বস্ত নহয় দলটো। সেয়েহে এনে দলসমূহৰ পৰা সমৰ্থন আদায়ৰ বাবে প্ৰয়োজনত যাতে ব্যৱস্থা ল'ব পাৰে, তাৰ বাবে বিজেপিয়ে বাট খোলা ৰাখিছে। ইফালে, মঙলবাৰে এন ডি এ নেতাসকলৰ এক নৈশ ভোজনৰ আয়োজন কৰিছে বিজেপি সভাপতি অমিত শ্বাহে। এন ডি এৰ নেতাসকলক দিল্লীৰ হোটেল 'দ্য অশোকা'লৈ নৈশ ভোজনৰ বাবে আমন্ত্ৰণ জনাইছে অমিত শ্বাহে। এই নৈশ ভোজনতেই নিৰ্বাচনৰ ফলাফলৰ পাছৰ ৰণনীতি প্ৰস্তুত কৰিব বিজেপিয়ে।