/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D42RMYNXsAAcEV3.jpg)
ডিজিটেল ডেস্কঃ মঞ্চত থিয় হৈ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ সন্মুখত মোডীৰ প্ৰশংসা কৰিছিল এজন যুৱকে। সাধাৰণ যুৱকজনৰ এই সাহসিকতা আৰু মোডী প্ৰীতিত সন্তুষ্ট হৈ মঙলবাৰে যুৱকজনক সম্বৰ্ধনা জনায় ভাৰতীয় জনতা পাৰ্টীয়ে।
দৰাচলতে সোমবাৰে মধ্যপ্ৰদেশৰ ভূপালত এখন নিৰ্বাচনী সভা সম্বোধন কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে। জনসভাত বিজেপিক আক্ৰমণ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে- 'আপোনালোকৰ কোনে মোডীৰ ১৫ লাখ টকা লাভ কৰিছে?'
কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ মঞ্চলৈ উঠি আহে জনসভাখনত উপস্থিত থকা এজন সাধাৰণ যুৱক। মঞ্চত উপস্থিত হৈ তেওঁ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ভাষণ বন্ধ কৰি স্পীকাৰৰ সন্মুখত চিঞৰি উঠে- 'মোডী জীয়ে ছাৰ্জিকেল ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদী হত্যা কৰিছে।'
বিজেপিৰ সমৰ্থক যুৱকজনৰ এই উত্তৰ দিগ্বিজয় সিঙে কৰা প্ৰশ্নৰ উত্তৰ নহয়। ছাৰ্জিকেল ষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদী নিধনত মোডী চৰকাৰ যিদৰে সফল হৈছে, সেইদৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত যে ব্যৰ্থ হৈছে সেয়া এতিয়া স্বীকাৰ কৰিব। কিন্তু মঞ্চত উঠি এজন কংগ্ৰেছ নেতাৰ নিৰ্বাচনী প্ৰচাৰ ভাষণৰ মাজতে এনেদৰে মোডী বন্দনা কৰাৰ সাহস কৰা যুৱকজন এতিয়া বিজেপিৰ দৃষ্টিত হিৰ' হৈ পৰিছে।
মঙলবাৰে বিজেপিয়ে এই কাৰণতে যুৱকজনক সম্বৰ্ধনা জনায় উজ্বল ভৱিষ্যত কামনা কৰে। অমিত মালী নামৰ সাধাৰণ ভোটাৰজনে এনেদৰে কংগ্ৰেছৰ জনসভাত কংগ্ৰেছ নেতাৰ ভাষণৰ মাজত বিজেপি চৰকাৰৰ ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ আত্মসন্তুষ্টি প্ৰকাশ কৰাটো বিজেপিৰ চৰকাৰখনৰ সফলতাৰে প্ৰমাণ বুলি এতিয়া বিজেপি সমৰ্থক সকলে মন্তব্য কৰিছে।