দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উদ্যোগী-নেতাৰ আত্মীয়ক বিজেপি-কংগ্ৰেছৰ টিকট প্ৰদান…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উদ্যোগী-নেতাৰ আত্মীয়ক বিজেপি-কংগ্ৰেছৰ টিকট প্ৰদান…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত উদ্যোগী-নেতাৰ আত্মীয়ক বিজেপি-কংগ্ৰেছৰ টিকট প্ৰদান…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ মুঠ ১২খন ৰাজ্যৰ ৯৬টা সমষ্টিত হ'ব ভোটগ্ৰহণ পৰ্ব। এই সমষ্টি কেইটাৰ আগশাৰীৰ প্ৰাৰ্থীৰ বিষয়ে বিশ্লেষণ কৰি লাভ কা তথ্য অনুসৰি, ৪৩গৰাকী প্ৰাৰ্থী উদ্যোগী বা ব্যৱসায়ী। ইফালে, ২৯জন প্ৰাৰ্থীৰ পৰিয়ালৰ শীৰ্ষ নেতাৰ প্ৰভাৱৰ বাবেহে লাভ কৰিছে টিকট।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে ৫১টা সমষ্টি আৰু কংগ্ৰেছে ৪৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে ১২টা সমষ্টিত বিজেপিয়ে উদ্যোগীক আৰু ৭টা সমষ্টিত কংগ্ৰেছে নেতাৰ ঘনিষ্ঠ বা আত্মীয়ক প্ৰাৰ্থিত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। আনহাতে, দ্বিতীয় পৰ্যায়ত সৰ্বাধিক কৰ্ণাটক আৰু তামিলনাডুৰ ৫৩টা সমষ্টিত হ'ব ভোটগ্ৰহণ। ইয়াৰে  ১৪টা সমষ্টি কৰ্ণাটকৰ আৰু ৩৯টা সমষ্টি তামিলনাডুৰ।

আনহাতে, বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত ওড়িশ্যাৰ বোলাংগিৰ সমষ্টিত পূৰ্বৰ মহাৰাজ আৰু দলটোৰ নেতা কনকবৰ্ধন সিঙৰ পত্নী সংগীত কুমাৰী সিঙক টিকট দিছে। যোৱা নিৰ্বাচনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰামকৃষ্ণ পাটনায়কৰ কন্যা অনিতা শুভদৰ্শনিনীক কান্ধমাল সমষ্টিত টিকট দিয়া হৈছে।