/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/37990a5a-0690-4f9e-b873-b94d86e7269e.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নেতাসকলে সভা-সমিতিত ভাষণ দি জনতাক প্ৰলুব্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তাৰ মাজতে নেতাসকলৰ বিবাদস্পষ্ট মন্তব্যৰ সৃষ্টি কৰিছে বিতৰ্কৰো। শেহতীয়াকৈ এই বিতৰ্কত সাঙোৰ খাই পৰিছে আন এগৰাকী বিজেপি নেতাৰ নাম।
উত্তৰ প্ৰদেশৰ এতা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজবীৰ সিঙে দেওবাৰে মহোবা জিলাত এক নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ গৈ ইন্দিৰা গান্ধী আৰু ছোনীয়া গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰে। বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয়, 'কংগ্ৰেছে কৈ আছে যে শৌচালয়ৰ কথা কয় বিজেপিয়ে। বৰ সৰু মগজ তেওঁলোকৰ। ৰাহুল জী, যদি আপোনাৰ আইতা আৰু মাই কেতিয়াবা হাতত লোটা লৈ খেতি পথাৰলৈ দৌৰিব লগা হ'লহেঁতেন, তেতিয়া আপুনি গম পালে হেঁতেন।'
বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। ইন্দিৰা গান্ধীৰ দৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক লৈ এনে অপমানজনক মন্তব্য কৰি বিজেপিয়ে নিজৰ প্ৰকৃত স্বৰূপ উদঙাইছে বুলি মন্তব্য কৰে কংগ্ৰেছে।