কংগ্ৰেছ এৰি বিজেপিত চামিল হোৱা অভিনেতা ৰবি কিষাণক প্ৰাৰ্থিত্ব প্ৰদান, কোন সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা

কংগ্ৰেছ এৰি বিজেপিত চামিল হোৱা অভিনেতা ৰবি কিষাণক প্ৰাৰ্থিত্ব প্ৰদান, কোন সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা

author-image
asomiyapratidin
New Update
কংগ্ৰেছ এৰি বিজেপিত চামিল হোৱা অভিনেতা ৰবি কিষাণক প্ৰাৰ্থিত্ব প্ৰদান, কোন সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্কঃ সোমবাৰে বিজেপিয়ে দলৰ ২১ সংখ্যক প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই প্ৰাৰ্থী তালিকাত দলটোৱে উত্তৰ প্ৰদেশৰ ৭টা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। বিজেপিৰ এই প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট হৈছে ভোজপুৰী ছবিৰ অভিনেতা ৰবি কিষাণৰ নামো। বিজেপিয়ে তেওঁক উত্তৰ প্ৰদেশৰ গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে।

উল্লেখ্য যে, ২০১৪ চনত কংগ্ৰেছৰ হৈ জৈনপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰবি কিষাণে। কিন্তু মোডী ঢৌত তিষ্ঠিব নোৱাৰি তেওঁ বিজেপি প্ৰাৰ্থী কে পি সিঙৰ হাতত পৰাজিত হৈছে। পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান পিছতে বিজেপিয়ে পুনৰ এবাৰ তেওঁৰ গৃহ সমষ্টি জৈনপুৰৰ পৰাই টিকট প্ৰদান কৰিব বুলি চৰ্চা চলিছিল। কিন্তু অৱশেষত সেই চৰ্চাৰ অৱসান ঘটাই দলে তেওঁক যোগী আদিত্যনাথৰ দূৰ্গস্বৰূপ গোৰখপুৰ সমষ্টিৰ পৰাহে প্ৰাৰ্থিত্ব প্ৰদান কৰে।

ইফালে বিজেপিয়ে সোমবাৰে গোৰখপুৰ সমষ্টিত ৰবি কিষাণক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিতৰ্কিত সাংসদ শৰদ ত্ৰিপাঠীৰ ঠাইত চন্তকবীৰ সমষ্টিৰ পৰা প্ৰবীণ নিষাদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তদপুি প্ৰতাপগড়ৰ পৰা সংগম লাল গুপ্তা, আম্বেদকাৰ নগৰৰ পৰা মুকট বিহাৰী, দেৱৰীয়াৰ পৰা ৰমাপতি ৰাম ত্ৰিপাঠী, জৈনপুৰৰ পৰা কেপি সিং আৰু ভদোহীৰ পৰা ৰমেশ বিন্দক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।