প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া…

প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া…

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৫৬ ইঞ্চিৰ বুকু এতিয়া বিৰোধীৰ বাবে এক ৰসাত্মক বিষয় হৈ পৰিছে। যিয়েই সুযোগ পাইছে, সিয়েই প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ ৫৬ ইঞ্চিৰ বুকুক লৈ কটাক্ষ কৰিছে। শেহতীয়াকৈ এই কটাক্ষ অভিযানত চামিল হ'ল ন কংগ্ৰেছী প্ৰাৰ্থী তথা অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰো।

বৃহস্পতিবাৰে এক টুইট কৰি কংগ্ৰেছ প্ৰাৰ্থী তথা অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়। মোডীৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা 'পিএম নৰেন্দ্ৰ মোডী' নামৰ ছবিখনে প্ৰধানমন্ত্ৰীগৰাকীকেই উপহাস কৰা বুলি মন্তব্য কৰি উৰ্মিলাই কয়, 'যোৱা ৫টা বছৰত মোডীয়ে একো প্ৰতিশ্ৰুতিয়েই পূৰণ কৰিবলৈ সক্ষম নহ'ল। তেওঁ ৫৬ ইঞ্চিৰ বুকু থপৰিয়াই কোৱা প্ৰতিটো কথা আজি মিছা প্ৰমাণিত হৈছে। তেওঁৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা ছবিখনে কেৱল তেওঁৰেই নহয়, এক সুস্থ গণতন্ত্ৰ, দৰিদ্ৰতা আৰু ভাৰতৰ সংবিধানকে উপহাস কৰিছে।'

কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম্পূৰ্ণ প্ৰতিশ্ৰুতিক লৈ এখন হাস্যৰসাত্মক ছবিহে নিৰ্মাণ হ'ব লাগে বুলিও টিপ্পনী কৰে উৰ্মিলাই। উল্লেখ্য যে, অভিনেতা বিবেক অবেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়'পিক 'পিএম নৰেন্দ্ৰ মোডী' পূৰ্বে ১১ এপ্ৰিলত মুক্তি লাভ কৰাৰ কথা আছিল যদিও নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছবিখনৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰে।