বিহাৰৰ আৰাহৰ ভোটকেন্দ্ৰত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ…

বিহাৰৰ আৰাহৰ ভোটকেন্দ্ৰত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ…

author-image
asomiyapratidin
New Update
বিহাৰৰ আৰাহৰ ভোটকেন্দ্ৰত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত। ভোটগ্ৰহণৰ মাজতে বিহাৰত পুনৰ সংঘটিত হৈছে সংঘৰ্ষ। বিহাৰৰ আৰাহৰ ৪৯ নং ভোটকেন্দ্ৰত ৰিগিং সংঘটিত কৰাৰ বাবে বাধা দিয়াত এগৰাকী আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ঘটনা সন্দৰ্ভত আৰাহ জিলা দণ্ডাধীশে কয়- ' আমি এই সমষ্টিটোৰ ভোটগ্ৰহণ কেন্দ্ৰত আৰক্ষীৰ ওপৰত শিলেৰে আক্ৰমণ চলোৱা বুলি আমি খবৰ লাভ কৰিছো। একাংশ লোকে ভোটদানৰ সময়ত বাধা প্ৰদানৰ চেষ্টা চলাইছিল। সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব।'