/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/Digvijay_Singh_PTI.jpg)
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্তী দিগ্বিজয় সিঙৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে সাধ্বী প্ৰজ্ঞাক। এই কথা বুধবাৰে সদৰি কৰিছে বিজেপিৰ এক শীৰ্ষই। জানিব পৰা মতে, বুধবাৰে সাধ্বী প্ৰজ্ঞা ঠাকুৰে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি নেতৃত্বৰ সৈতে এক আলোচনা মিলিত হয়। বন্ধ কোঠাত অনুষ্ঠিত এই বৈঠকখনত বিজেপিৰ জ্যেষ্ঠ নেতা ৰামলাল, শিৱৰাজ সিং, অনিল জৈন, প্ৰভাত ঝাৰ লগতে কেইবাজনো শীৰ্ষ নেতা উপস্থিত থাকে।
উল্লেখ্য যে, বিজেপিয়ে এতিয়ালৈকে ঘোষণা কৰা নাই ভূপাল সমষ্টিৰ প্ৰাৰ্থীৰ নাম। কিন্তু শেষ মুহূৰ্তত ৰাষ্ট্ৰীয় দলটোৱে সাধ্বী প্ৰজ্ঞা ঠাকুৰকে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনাই অধিক। ইফালে, বৈঠকৰ অন্তত প্ৰজ্ঞা ঠাকুৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে। লগতে তেওঁ নিৰ্বাচনত জয়লাভ কৰিব বুলিও দাবী কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us