সাম্প্ৰদায়িক মন্তব্য কৰি সংকটত বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং, নিৰ্বাচন আয়োগে ৰুজু কৰিলে গোচৰ

সাম্প্ৰদায়িক মন্তব্য কৰি সংকটত বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং, নিৰ্বাচন আয়োগে ৰুজু কৰিলে গোচৰ

author-image
asomiyapratidin
New Update
সাম্প্ৰদায়িক মন্তব্য কৰি সংকটত বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং, নিৰ্বাচন আয়োগে ৰুজু কৰিলে গোচৰ

ডিজিটেল ডেস্কঃ বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ বিৰুদ্ধে নিৰ্বাচন আচৰণ বিধি উলংঘনৰ অভিযোগেৰে গোচৰ ৰুজু কৰিছে নিৰ্বাচন আয়োগে। সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থীগৰাকীয়ে কৰা মন্তব্যৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

উল্লেখ্য যে, বুধবাৰে সমষ্টিটোত এখন নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি মুছলমান সকলক উদ্দেশ্যি গিৰিৰাজ সিঙে কয়, 'যদি কবৰৰ বাবে তিনি হাত মাটি লাগে, তেন্তে বন্দে মাতৰম গাব লাগিব আৰু ভাৰত মাতা কী জয় শ্ল'গান দিব লাগিব।' বিজেপিৰ সভাপতি অমিত শ্বাহৰ উপস্থিতিতে কৰা গিৰিৰাজ সিঙৰ এই মন্তব্যই সাম্প্ৰদায়িক ভেদভাৱৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে নিৰ্বাচন আয়োগে নিজাববীয়াকৈ বিজেপি প্ৰাৰ্থীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

নিৰ্বাচনী প্ৰচাৰ সভাখনত গিৰিৰাজ সিঙে মুছলমান সম্প্ৰদায়ৰ লোকক ভাবুকিও প্ৰদান কৰে। তেওঁ কয়, 'যদি তোমালোকে এনে নকৰা, তেন্তে দেশবাসীয়ে কেতিয়াও তোমালোকক ক্ষমা নকৰে।' আনহাতে একেখন সভাতে গিৰিৰাজ সিঙে বিহাৰৰ একাংশ লোকে সন্ত্ৰাসৰ মাধ্যমেৰে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে বুলি দাবী কৰে।'

উল্লেখ্য হিন্দু-মুছলমানৰ মাজত বিভেদৰ বীজ ৰোপন কৰি প্ৰায়ে ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰি আহিছে বিজেপিয়ে। কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও 'আমাক মুছলমানৰ ভোটৰ প্ৰয়োজন নাই বুলি' মন্তব্য কৰাৰ বিপৰীতে বিজেপিৰ ভূপাল সমষ্টিৰ প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাইও অযোধ্যাত নিৰ্বাচনী প্ৰচাৰ চলাই মুছলমান আৰু হিন্দুৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব পৰা ধৰণৰ মন্তব্য কৰিছিল।