/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/388276-bihar-political-murder.jpg)
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ আৰু উত্তৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাৰ পাছত এইবাৰ বিহাৰৰ বেগুচৰাই সংঘটিত হৈছে অনুৰূপ ঘটনা। জিলাখনৰ সিংহহোল অঞ্চলত কীৰতপুৰ গাঁৱৰ এজন বিজেপি নেতা বৃহস্পতি বাৰে নিশা দুৰ্বৃত্তই হত্যা কৰে। নিশা ঘৰলৈ আহি থকা অৱস্থাত মুৰত ৰ'দেৰে মৰিয়াই হত্যা কৰা বিজেপি নেতাজনৰ নাম গোপাল সিং। আৰক্ষী নিশাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে আমেঠিত সুৰেন্দ্ৰ সিং নামৰ এজন বিজেপি নেতাক গুলীয়াই হত্যা কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us