/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/372246-rahul.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘোষণা হ'ব লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল। এই ফলাফল ঘোষণাৰ পূৰ্বে বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে এগজিট প'ল। য'ত পুনৰ এবাৰ কেন্দ্ৰত বিজেপিয়ে নেতৃত্বাধীন এনডিএয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰা হৈছে। এনে পৰিস্থিতিত কংগ্ৰেছ সমৰ্থক আৰু কৰ্মীসকলৰ মনত সৃষ্টি হৈছে নিৰাশা আৰু শংকা। এনে নিৰাশা আৰু শংকা দূৰ কৰাৰ বাবে বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এটা টুইট কৰি কংগ্ৰেছ সমৰ্থকসকলক নিজৰ আৰু দলৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়।
ৰাহুল গান্ধীয়ে টুইটত লিখিছে- 'প্ৰিয় কংগ্ৰেছ কৰ্মকৰ্তাসকল। আগন্তক ২৪ ঘন্টা অতি মহত্বপূৰ্ণ সময়। এই সময়খিনি সতৰ্ক আৰু সচেতন হৈ থাকক। ভয় নাখাব। আপোনালোকে সত্যৰ বাবে যুঁজ দিছে। ভুৱা এগজিট প'লৰ অপপ্ৰচাৰত নিৰাশ নহ'ব নিজৰ ওপৰত আৰু কংগ্ৰেছ দলৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকৰ কষ্ট অথলে নাযায়। জয় হিন্দ।'
कांग्रेस पार्टी के प्रिय कार्यकर्ताओं ,
अगले 24 घंटे महत्वपूर्ण हैं। सतर्क और चौकन्ना रहें। डरे नहीं। आप सत्य के लिए लड़ रहे हैं । फर्जी एग्जिट पोल के दुष्प्रचार से निराश न हो। खुद पर और कांग्रेस पार्टी पर विश्वास रखें, आपकी मेहनत बेकार नहीं जाएगी।
जय हिन्द।
राहुल गांधी
— Rahul Gandhi (@RahulGandhi) May 22, 2019
উল্লেখ্য যে, ইয়াৰ পূৰ্বে সোমবাৰে প্ৰিয়ংকা গান্ধীয়েও এক অডিঅ' ক্লিপৰ জৰিয়তে কংগ্ৰেছ সমৰ্থকসকলক এই আহ্বান জনাইছিল। তেওঁ এনে এগজিট প'ল আৰু উৰা বাতৰিৰ ওপৰত গুৰুত্ব নিদিবলৈ আহ্বান জনাই কয় যে এনে ভুৱা প্ৰচাৰ আপোনালোকৰ মনোবল হ্ৰাস কৰিবলৈ চলোৱা হৈছে। এই সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত। ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰত সতৰ্ক দৃষ্টি ৰখা উচিত। প্ৰিয়ংকাই কয়, 'আমি আমাৰ কষ্টৰ ফল পাম বুলি সম্পূৰ্ণ বিশ্বাসী।'