ভাৰতত কোন বাংলাদেশীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ…

ভাৰতত কোন বাংলাদেশীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্বাচনী প্ৰচাৰ চলাইছে বাংলাদেশীয়ে। পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত বাংলাদেশৰ এগৰাকী গায়কৰ উপস্থিতিক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে পশ্চিম বংগত পুনৰ এগৰাকী বাংলাদেশী অভিনেতাই নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি এক সূত্ৰৰ দ্বাৰা প্ৰকাশ পাইছে।

গৃহমন্ত্ৰণালয়ৰ এক সূত্ৰই সদৰি কৰা মতে, বাংলাদেশৰ অভিনেতা গাজী আব্দুল নুৰে দীৰ্ঘদিন ধৰি পশ্চিম বংগত থাকি ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ আহিছে। শেহতীয়াকৈ ডুমডুমৰ এক নিৰ্বাচনী ৰেলীত অভিনেতাজনৰ উপস্থিতি প্ৰত্যক্ষ কৰাৰ পিছতে গৃহমন্ত্ৰণালয়ে তেওঁৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰে।

মন্ত্ৰণালয়ে ইতিমধ্যে বাংলাদেশৰ অভিনেতাজনৰ ভিজা বাতিল কৰি অতি সোনকালে দেশ এৰি যাবলৈ নিৰ্দেশ দিছে। লগতে তেওঁৰ বিৰুদ্ধে ন্যায়িক তদন্ত আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে। ইফালে ভাৰতৰ নিৰ্বাচনত এনেদৰে অন্য এখন দেশৰ নাগৰিকে আহি নিৰ্বাচনী প্ৰচাৰ চলোৱা কাণ্ডই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।