/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/atul_borafcfcfcfc.jpeg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ এইবাৰ নিৰ্বাচনত তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলেও, এখনো যে আসন লাভ নকৰে সেয়া নিশ্চিত হৈছে অতুল বৰা। কলিয়াবৰত এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা কৰা হ'লে জিকিলে হয় অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত।
ভোটগণনালৈ ৪৮ ঘণ্টা থকাৰ প্ৰাকমুহূৰ্তত অগপই স্বীকাৰ কৰি লৈছে পৰাজয়। অৱশ্যে মিত্ৰজোঁটৰ ফলাফলক লৈহে আশাবাদী অগপ। দলটোৰ সভাপতি অতুল বৰাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এইবাৰ নিৰ্বাচনত যথেষ্ট সংখ্যক ভোট লাভ কৰিব অগপই।
কেন্দ্ৰত মিত্ৰজোঁটৰ চৰকাৰ হ'ব সেয়া তেওঁ নিশ্চিত। তিনিটা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা অগপই প্ৰায় ৩০টা বিধানসভা সমষ্টিত যথেষ্ট ভোট পাব বুলি দাবী কৰে অগপ সভাপতিগৰাকীয়ে। অৱশ্যে অগপৰ প্ৰাৰ্থী যে এটাও সমষ্টিত জয়ী নহয়, সেয়াও তেওঁ গম পাইছে। এইধৰণেই ইংগিত দিলে অগপ সভাপতিগৰাকীয়ে।
অতুল বৰাৰ মতে, 'আমি মিত্ৰজোঁট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছো। মিত্ৰজোঁটৰ ফলাফলেই হ'ব আমাৰো ফলাফল।' অতুল বৰাই দাবী কৰা মতে, গোলাঘাট, দেৰগাঁও আদি অঞ্চলত অগপই যথেষ্ট ভোট লাভ কৰিব।
উল্লেখযোগ্য যে, অগপই কলিয়াবৰৰ উপৰিও ধুবুৰী আৰু বৰপেটাত প্ৰাৰ্থী প্ৰদান কৰিছে। নিৰ্বাচনী ফলাফল কি হ'ব সেয়া ইতিমধ্যে ধৰি লৈছে অগপ নেতাগৰাকীয়ে।তাৰপাছতো আনুষ্ঠানিকতা ৰক্ষা কৰি ক'লে- 'আমি আশাবাদী। সকলো ভগৱানৰ ওপৰত নিৰ্ভৰশীল।'