আয়কৰ বিভাগৰ তালাচীৰ পিছতে অশ্বীন শৰ্মাৰ প্ৰতিক্ৰিয়া- মই কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়

আয়কৰ বিভাগৰ তালাচীৰ পিছতে অশ্বীন শৰ্মাৰ প্ৰতিক্ৰিয়া- মই কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়

author-image
asomiyapratidin
New Update
আয়কৰ বিভাগৰ তালাচীৰ পিছতে অশ্বীন শৰ্মাৰ প্ৰতিক্ৰিয়া- মই কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়

  • আয়কৰ বিভাগৰ তালাচীক লৈ প্ৰতিক্ৰিয়া অশ্বীন শৰ্মাৰ।
  • মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথৰ ব্যক্তিগত সচিব প্ৰবীণ কক্কৰৰ সহায়ক অশ্বীন শৰ্মা।
  • সোমবাৰে আয়কৰ বিভাগে তেওঁৰ ইন্দোৰস্থিত বাসগৃহত চলাইছিল অভিযান।
  • আগষ্টা বেষ্টলেণ্ড কেলেংকাৰী আৰু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাসগৃহত ধন লুকুৱাই থকাৰ সন্দেহত আয়কৰ বিভাগে চলাইছিল অভিযান।
  • অভিযানত জব্দ হৈছিল ৯ কোটি টকা।
  • ইয়াৰ পিছতে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অশ্বীন শৰ্মাই।
  • 'মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়।'
  • 'মুখ্যমন্ত্ৰী কমল নাথৰ লগতো মোৰ কোনো সম্পৰ্ক নাই।'
  • 'মোৰ বাসগৃহৰ পৰা আয়কৰ বিভাগে জব্দ কৰা টকা মোৰ একান্তই নিজৰ।'
  • 'মোৰ ব্যৱসায়ৰ জৰিয়তে মই সেয়া উপাৰ্জন কৰিছো।'
  • 'প্ৰয়োজন সাপেক্ষে মই তাৰ প্ৰমাণ দিব পাৰো।'
  • 'মোক ৰাজনৈতিক দলৰ সৈতে জড়িত কৰাই কোনো লাভ নাই।'
  • -সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অশ্বীন শৰ্মাই।