/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/arvind-kejriwal_647_081316104418_090116013517.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথআ আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুনৰ এবাৰ আম আদমী পাৰ্টীয়ে দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰে।
আনহাতে নিৰ্বাচনী ইস্তাহাৰত কেজৰিৱালে কংগ্ৰেছৰ সৈতে মহামিত্ৰজোঁট সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া উল্লেখ কৰে। তেওঁ কয়, 'মিত্ৰজোঁট কৰিবলৈ তেওঁলোকৰ ইচ্ছাই নাছিল। প্ৰতিদিনাই আলোচনা কৰি চৰ্ত সলনি কৰি আহিছিল। গুলাম নবী আজাদে সঞ্জয় সিঙৰ সৈতে আলোচনা কৰি মিত্ৰজোঁট ঠিক কৰে। আনকি সংবাদ মেল পাতিও ১৮ খন আসনত মিত্ৰতা সন্দৰ্ভত ঘোষণা কৰা হ'ল। কিন্তু পিছত তেওঁলোকক আমি ফোন কৰি থাকিলো, যদিও সঠিক প্ৰত্যুত্তৰেই লাভ নকৰিলো।'
কেজৰিৱালে পুনৰ কয়, 'তেওঁলোকে পুনৰ চৰ্ত সলনি কৰে। আমি আকৌ এবাৰ তেওঁলোকৰ চৰ্ত মানি ল'লো। কিন্তু এইবাৰ তেওঁলোকে হাৰিয়ানা আৰু চণ্ডীগড়ত মিত্ৰজোঁটৰ বাবে মানা কৰি দিলে। অৰ্থাৎ এয়া স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে মিত্ৰতাই নিবিচাৰে। আৰু এটা কথা, যদি তেওঁলোকে দিল্লীত আমাৰ সৈতে মিত্ৰতা কৰিলে আৰু আমি দিল্লীৰ ৭ খন আসনেই এৰি দিওঁ, তেওঁলোকে সেই আসন কেইখনত জয়লাভ কৰিব পাৰিব নে? দিল্লীৰ হিন্দু সকলে এইবাৰ কংগ্ৰেছক ভোট নিদিয়ে। মুছলমান সকলেও দোমোজাত আছে যে ভোট দিব নে।'