এগজিট প’লৰ সন্দৰ্ভত কি ক’লে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে…

এগজিট প’লৰ সন্দৰ্ভত কি ক’লে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে…

author-image
asomiyapratidin
New Update
এগজিট প’লৰ সন্দৰ্ভত কি ক’লে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পাছত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়েও সোমবাৰে এগজিট প'লৰ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয় যে, ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল এগজিট প'লত প্ৰকাশ কৰাৰ দৰে হ'ব। তেওঁ লগতে কয়- এগজিট প'লৰ অনুসৰি হ'ব লগা নিৰ্বাচনী ফলাফলৰ পাছত নৰেন্দ্ৰ মোডীৰ নেতৃত্বতেই বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব।

উল্লেখ্য যে, দেওবাৰে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল এগজিট প'লৰ অনুসৰিবিজেপিয়ে গৰিষ্ঠসংখ্যক ভোট লাভেৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিব। প্ৰায়ভাগ এগজিট প'লঅনুসৰি বিজেপি আৰু মিত্ৰজোঁটে ২৭২খন আসনৰো অধিক আসন লাভ কৰিব।লগতে কেন্দ্ৰীয়বিত্তমন্ত্ৰীগৰাকীয়ে নিজৰ ব্ল'গ 'এগজিট প'লৰ বাৰ্তা'ত লিখিছে- আমাৰ মাজৰে বহুকেইজনে একগিজ প'লৰ সত্যতা আৰু সঠিকতাৰ সন্দৰ্ভত মতবিৰোধ কৰিছে।'

তেওঁ লগতে কয়- 'এগজিট প'লত ইভিএমৰ কোনো ব্যৱহাৰ নহয়। আৰু এনেক্ষেত্ৰত যদি সাধাৰণ নিৰ্বাচনৰ বাস্তৱ ফলাফল এগজিট প'ল অনুসৰি হয়, তেন্তে বিৰোধীয়ে ইভিএমত বেমেজালি সংঘটিত কৰাৰ অভিযোগৰো কোনো অস্তিত্ব নাথাকিব।'

উল্লেখ্য যে, এগজিট প'ল সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মন্তব্য কৰি কয়- 'এগজিট প'ল চূড়ান্ত ফলাফল নহয়, এয়া কেৱল সম্ভাৱনাহে। কিন্তু এগজিট প'লৰ ফলাফল নিৰ্বাচনৰ ফলাফলত প্ৰতিফলিত হয়।'