মোক পুনৰ মন্ত্ৰিত্ব প্ৰদান নকৰিবঃ শপত গ্ৰহণৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰীয়ে মোডীলৈ লিখিলে পত্ৰ…

মোক পুনৰ মন্ত্ৰিত্ব প্ৰদান নকৰিবঃ শপত গ্ৰহণৰ পূৰ্বে প্ৰাক্তন মন্ত্ৰীয়ে মোডীলৈ লিখিলে পত্ৰ…

author-image
asomiyapratidin
New Update
মোক পুনৰ মন্ত্ৰিত্ব প্ৰদান নকৰিবঃ শপত গ্ৰহণৰ পূৰ্বে প্ৰাক্তন  মন্ত্ৰীয়ে মোডীলৈ লিখিলে পত্ৰ…

ডিজিটেল ডেস্কঃ ৩০ মে'ত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে। লগতে ৬০-৭০ মন্ত্ৰীয়েও শপত ল'ব দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত। শপত গ্ৰহণ অনুষ্ঠানলৈ কেইটামান মুৰ্হুত বাকী থকাৰ মাজতেই কোনো সাংসদে মন্ত্ৰীত্ব লাভ কৰিব তাক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে। খবৰ অনুসৰি মোডীৰ মন্ত্ৰীসভাত কোনে কি স্থান পাব তাক লৈ ৫ ঘণ্টা ধৰি বৈঠকত মিলিত হৈছে মোডী আৰু অমিত শ্বাহ।

Advertisment

মন্ত্ৰীত্ব লাভ এই জল্পনা-কল্পনা চলি থকাৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। নিজৰ স্বাহ্যৰ অৱস্থা ঠিক নোহোৱাৰ বাবে নতুন চৰকাৰত কোনো বিষয়বাব নিদিবলৈ পত্ৰৰ জৰিয়তে আহ্বান জনালে জেটলীয়ে।

জেটলীয়ে পত্ৰত লিখিছে- বিগত ১৮ মাহে মই কিছু গম্ভীৰ ৰোগৰ সৈতে মোকাবিলা কৰি আছো। চিকিৎসকৰ বাবে মই বহুখিনি আৰোগ্য হৈছো। লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হোৱাৰ পাছত অৰ্থাৎ কেদাৰনাথ যাত্ৰাৰ পূৰ্বে মই আপোনাক মৌখিক ৰূপে জনাইছিলো যদিও এতিয়া লিখিতৰূপে পুনৰ আহ্বান জনাইছো যে, মোক যাতে নতুন চৰকাৰৰ কোনো দায়িত্ব অৰ্পন নকৰে। বৰ্তমান মই নিজৰ স্বাহ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব'

অৰুণ জেটলীয়ে প্ৰেৰণ কৰা পত্ৰখন-