/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/783755-uddhav-thackeray4.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ প্ৰধান ৰাজনৈতিক দল শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰে, দলৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউট আৰু কাৰ্টুনিষ্ট শ্ৰীনিৱাস প্ৰভুদেশাই বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে। শিৱসেনাৰ মুখপত্ৰ 'চামনা'ত প্ৰকাশিত এক বিতৰ্কিত কাৰ্টুনক লৈ মাৰাঠা সম্প্ৰদায়ৰ নেতাৰ দ্বাৰা দাখিল কৰা এক অভিযোগৰ ভিত্তিত আদালতে এই নিৰ্দেশ জাৰি কৰিছে।
উল্লেখ্য যে, ২০১৬ চনত প্ৰকাশিত শিৱসেনাৰ মুখপত্ৰ চামানাত মাৰাঠা সম্প্ৰদায়ৰ মুক মৰ্চাক 'মুক্কা মৰ্চা' (চুম্বন মৰ্চা) হিচাপে উপস্থাপন কৰা হৈছিল। মুখপত্ৰখনত এই কাৰ্টুনটো প্ৰকাশ পোৱাৰ পিছতে শিৱসেনাই মাৰাঠা সম্প্ৰদায়ত আঘাত হনাৰ অভিযোগ উত্থাপন হৈছিল। লগতে বিভিন্ন জনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে। এই বিতৰ্কিত কাৰ্টুনটোত শিৱসেনাৰ সৈতে জড়িত কেইবাজনো মাৰাঠা সম্প্ৰদায়ৰ কেইবাজনো নেতাক বিকৃতভাৱে উপস্থাপন কৰা বুলিও অভিযোগ উত্থাপন হয়।
চামানাত এই কাৰ্টুন প্ৰকাশ কৰাৰ পিছত শিৱসেনাৰ সাংসদ প্ৰতাপৰাও যাদৱ, বিধায়ক সঞ্জয় ৰায়মলুকৰ আৰু শশীকান্ত খেড়কেৰেয়ে অসন্তুোষ ব্যক্ত কৰি দলৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰিব বিচাৰে যদিও শিৱসেনাৰ শীৰ্ষ নেতাসকলে এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰে। যাৰ ফলত ইয়াক লৈ দলৰ ভিতৰতে থকা মাৰাঠী সম্প্ৰদায়ৰ নেতা-মন্ত্ৰীসকলৰ মাজতো অসন্তুোষ বৃদ্ধি পায়। আনহাতে চামানাৰ এই বিতৰ্কিত কাৰ্টুনটো প্ৰকাশ পোৱাৰ প্ৰায় ৩ বছৰ পিছতে মাৰাঠা সম্প্ৰদায়ৰ নেতাৰ অভিযোগৰ ভিত্তিত মহাৰাষ্ট্ৰৰ এখন আদালতে শিৱসেনাৰ অধ্যক্ষ আৰু কাৰ্টুনিষ্ট জনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।