ভাৰতীয় সেনাক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়েঃ ১৫০ৰো অধিক প্ৰাক্তন সেনা বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

ভাৰতীয় সেনাক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়েঃ ১৫০ৰো অধিক প্ৰাক্তন সেনা বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

author-image
asomiyapratidin
New Update
ভাৰতীয় সেনাক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে বিজেপিয়েঃ ১৫০ৰো অধিক প্ৰাক্তন সেনা বিষয়াৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌ, বায়ু আৰু স্থল সেনাৰ ৮ গকাৰী প্ৰাক্তন সেনাপ্ৰধানসহ ১৫০ গকাৰী প্ৰাক্তন সেনা বিষয়াই সেনাৰ ৰাজনীতিকৰণৰ বিৰোধিতাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত প্ৰাক্তন সেনা বিষয়াসকলে শাসকীয় বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি লিখিছে যে নৰেন্দ্ৰ মোডী চৰকাৰে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে সেনাৰ অভিযানৰ শ্ৰেয় লৈ সেনাক ৰাজনীতিৰ সৈতে সাঙুৰি পেলাইছে। ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভাৰতীয় সেনাক 'মোডী বাহিনী' আখ্যা দিয়াৰো বিৰোধিতা কৰে পত্ৰত।

১১ এপ্ৰিলত ৰাজহুৱা কৰা এই পত্ৰখনত প্ৰাক্তন সেনা বিষয়াসকলে ৰাজনৈতিক দলে সেনাক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰপতিক আহ্বান জনায়। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ লাতুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক নিৰ্বাচনী জনসভা সম্বোধন কৰি বালাকোটৰ দৰে ছাৰ্জিকেল ষ্ট্ৰাইকক সম্ভৱ কৰা বীৰ সেনা জোৱান সকলৰ নামত তেওঁলোকৰ ভোট অৰ্পন কৰিবলৈ আহ্বান জনাইছিল। মোডীৰ এই আহ্বানক লৈ সৰৱ চৰ্চা হোৱাৰ লগতে সেনাৰ নামত ৰাজনীতি কৰা মোডীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰো অভিযোগ উত্থাপন কৰা হয়।

ইফালে, প্ৰাক্তন সেনা বিষয়াসকলে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পত্ৰতো মোডীৰ এই মন্তব্যৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱা হয়। মোডী আৰু বিজেপিয়ে জানি বুজি সেনাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা চলোৱা আৰু কিছু ক্ষেত্ৰত সফলো হোৱা বুলি অভিযোগ তুলি ৩ বিভাগৰ প্ৰাক্তন সেনা বিষয়াসকলে সেনাক ৰাজনীতিৰ নামৰ ব্যৱহাৰ নকৰিবলৈও সকিয়নী প্ৰদান কৰে।