মমতা দিদি মই হাজাৰ বাৰ জয় শ্ৰীৰাম চিঞৰিম, সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰকঃ অমিত শ্বাহ, VIDEO

মমতা দিদি মই হাজাৰ বাৰ জয় শ্ৰীৰাম চিঞৰিম, সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰকঃ অমিত শ্বাহ, VIDEO

author-image
asomiyapratidin
New Update
মমতা দিদি মই হাজাৰ বাৰ জয় শ্ৰীৰাম চিঞৰিম, সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰকঃ অমিত শ্বাহ, VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে পশ্চিমবংগত উপস্থিত হৈ এখন নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। তেওঁ এই সভাত প্ৰত্যাহ্বান দিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।

পশ্চিমবংগৰ জয়নগৰত বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মমতা বেনাৰ্জীক দিয়ে এই প্ৰত্যাহ্বান। সহস্ৰাধিক ভোটাৰ ৰাইজৰ সন্মুখত শ্বাহে কয়- 'মমতা দিদি, মই হাজাৰ বাৰ চিঞৰিছো জয় শ্ৰী ৰাম। আৰু ইয়াৰ পৰা মই কলকাতালৈ ৰাওনা হম। সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰক।'


— ANI (@ANI) May 13, 2019