পাকিস্তানী সন্ত্ৰাসবাদী আপোনালোকৰ আত্মীয় নেকিঃ ৰাহুল, মায়াৱতী, অখিলেশক প্ৰশ্ন অমিত শ্বাহৰ

পাকিস্তানী সন্ত্ৰাসবাদী আপোনালোকৰ আত্মীয় নেকিঃ ৰাহুল, মায়াৱতী, অখিলেশক প্ৰশ্ন অমিত শ্বাহৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ

ফাইল ফটো

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গাজীপুৰত বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাই পুনৰ এবাৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী, বিএছপিৰ অধ্যক্ষা মায়াৱতী আৰু এছপিৰ অধ্যক্ষ অখিলেশ যাদৱক আক্ৰমণৰ লক্ষ্য কৰি লয়। জনসভাত অমিত শ্বাহে এই বিৰোধী ৩ নেতাক সন্ত্ৰাসবাদীৰ আত্মীয় নেকি বুলি প্ৰশ্ন কৰে।

তেওঁ কয়, 'পাকিস্তানত যেতিয়া সন্ত্ৰাসবাদী মৰে, তেতিয়া ৰাহুল গান্ধী, মায়াৱতী আৰু অখিলেশ যাদৱৰ কাৰ্যালয়তো শোকৰ লহৰ উঠে। তেওঁলোকৰ মুখমণ্ডল ম্লান পৰি যায়।' লগতে তেওঁ প্ৰশ্ন কৰে, 'পাকিস্তানী সন্ত্ৰাসবাদীসকল আপোনালোকৰ কোনো আত্মীয় নেকি বাৰু?'

আনহাতে বিজেপিয়ে ৰাষ্ট্ৰ সুৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰ'মাইজ নকৰে বুলি মন্তব্য কৰি অমিত শ্বাহে কয়, 'আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেতিয়া পাক সন্ত্ৰাসবাদীৰ সৈতে 'ইলু-ইলু' (আই লভ ইউ) নকৰে। আমাৰ লক্ষ্য সন্ত্ৰাসবাদ নিৰ্মূল কৰা।'

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট সুৰক্ষাৰ দোহাই দি বিজেপিয়ে বালাকোটৰ এয়াৰ ষ্ট্ৰাইকক প্ৰায়ে ৰাজনীতিৰ সৈতে সাঙুৰি আহিছে। ভাৰতীয় বায়ু সেনাৰ এই সফলতাক বিজেপিয়ে ব্যক্তিগত সফলতা হিচাপে দৰ্শাই জনতাক বুৰ্বক সজোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে।