/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/amit-shah-angrygaggga.jpg)
ডিজিটেল ডেস্কঃলোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ভাৰতীয় জনতা দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইভিএম সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা ৰাজনৈতিক দলসমূহক কেইটামান প্ৰশ্ন কৰিছে। অমিত শ্বাহে টুইট কৰি কয়- ইভিএমক লৈ প্ৰশ্ন উত্থাপন কৰা মানে দেশৰ জনতাৰ জনাদেশক অসন্মান কৰা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে টুইটাৰত কৰা প্ৰশ্ন কেইটা-
১. ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নউত্থাপন কৰা বিৰোধী দলসমূহেও কেতিয়াবা নহয় কেতিয়াবা ইভিএমৰ দ্বাৰা অনুষ্ঠিতনিৰ্বাচনত জয়ী হৈছে। যদি তেওঁলোকে ইভিএমৰ ওপৰত বিশ্বাসেই নকৰে, তেন্তে এই দলবোৰেনিৰ্বাচনত জয়ী হোৱাৰ পাছত শাসনভাৰ কিয় চম্ভালিছিল?
২. দেশৰ উচ্চতম ন্যায়ালয়ে তিনিবাৰতকৈওঅধিক ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰাৰ পাছত অন্তিম স্বৰূপ দিয়া হয়। য'তবিধানসভা সমষ্টিৰ ৫ ভিভিপেট গণনা কৰাৰ আদেশ দিছে। আপোনালোকে সৰ্বোচ্চ ন্যায়ালয়ৰনিৰ্দেশৰ ওপৰতো প্ৰশ্নবোধক চিহ্ন লগাব নেকি?
৩. ভোটগণনাৰ মাত্ৰ দুদিন পূৰ্বে ২২টাবিৰোধী দলৰ দ্বাৰা নিৰ্বাচনী প্ৰক্ৰিয়া পৰিবৰ্তনৰ দাবী অসংবিধানিক, কাৰণ এনে ধৰণরকোনো নিৰ্ণয় সকলো দলৰ সৰ্বসন্মতি অবিহনে সম্ভৱ নহয়।
৪. বিৰোধীয়ে ইভিএম সন্দৰ্ভত হৈ-হাল্লালোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ পাছতহে আৰম্ভ কৰিছে। তাৰপাছত এগজিট প'লৰ পাছত এয়াআৰু তীব্ৰতৰ হৈ যায়। এগজিট প'ল ইভিএমৰ আধাৰত কৰা নহয়, এয়া ভোটাৰক কৰা প্ৰশ্নৰউত্তৰ ওপৰত ভিত্তি কৰি কৰা হয়। এগজিটল প'লৰ আধাৰত ইভিএম সন্দৰ্ভত কেনেকৈ প্ৰশ্নউত্থাপন কৰিব পাৰে?
৫. ইভিএমত বেমেজালী হোৱাৰ অভিযোগসন্দৰ্ভত নিৰ্বাচন আয়োগে সাৰ্বজনিকভাৱে প্ৰত্যাহ্বান জনাই ইয়াৰ প্ৰদৰ্শনৰ আমন্ত্ৰণজনাইছিল। কিন্তু সেই প্ৰত্যাহ্বান কোনো বিৰোধী দলে গ্ৰহণ নকৰিলে।
৬. তাৰপাছত নিৰ্বাচন আয়োগে ইভিএমক ভিভিপেটৰ সৈতে জড়িত কৰি নিৰ্বাচন প্ৰক্ৰিয়াক আৰু অধিক পাৰদৰ্শী কৰে। ভিভিপেট প্ৰক্ৰিয়া অহাৰ পাছত ভোটাৰে ভোটদান কৰি চাব পাৰে যে তেওঁলোকৰ ভোট কোন দলৰ নামত পঞ্জীয়ন কৰা হৈছে। ইমানখিনি কৰাৰ পাছতো এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাতো উচিতনে?