দেশত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

দেশত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
দেশত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ দেশত পুৱা ৭ বজাৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ  মুঠ ১১৬ সমষ্টিত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱাই কেৰালাৰ কোচীৰ ১৭, ১৮, ১৯ আৰু ৪২ নং ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ কৰেহি ভোটাৰ ৰাইজে। তদুপৰি ৰাজ্যখনৰ পিনাৰায়ীতো ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।

কৰ্ণাটকত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত। গুলবাৰ্গ সংসদীয় সমষ্টিটোৰ ১৭৫ আৰু ১৮১ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে ভোটাধিকাৰ। কৰ্ণাটকৰ লগতে মহাৰাষ্ট্ৰতো একেই পৰিৱেশ। বাৰামতী সমষ্টিত পুৱা ৭ বজাৰ পৰা দীঘলীয়া শাৰী ভোটাৰ ৰাইজৰ।

ইফালে, পুনেৰ ময়ুৰ কলনীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত এজন বৃদ্ধক ভোটাধিকাৰ সাব্যস্ত কৰাত এগৰাকী নিৰাপত্তাৰক্ষী সহায় কৰা পৰিলক্ষিত হয়। ৰাজ্যখনৰ ১৪টা সমষ্টিত মঙলবাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰী পাতিছে ভোটাৰ ৰাইজে।

অসমতো ৪টা লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ পৰ্ব। সমষ্টি কেইটাত ৫৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। কোকৰাঝাৰ, গুৱাহাটী, ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।

অন্য ৰাজ্যবোৰৰ লগতে ছত্তীশগড়তো আৰম্ভ হৈছে ভোটগ্ৰহণ। ৰাজ্যখনৰ ৰায়পুৰৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত শান্তিপূৰ্ণভাৱে হৈ আছে ভোটগ্ৰহণ। লগতে ছাফাইতো বৰ্তমানলৈ ভোটগ্ৰহণত কোনো বাধাৰ সন্মুখীন হোৱা নাই। মেইনপুৰী সংসদীয় সমষ্টিৰ ২২৬, ২২৭, ২২৮ আৰু ২২৯ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজতে ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে ভোটাধিকাৰ।

পশ্চিমবংগতো সকলো শান্তিপূৰ্ণভাৱে অনুষ্টিত হৈছে। পুৱা ৭ বজাতেই ৰাজ্যখনৰ ৫টা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দীঘলীয়া শাৰী পাতে ভোটাৰ সকলে।