/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/aap-mla-alka-lamba-claims-arvind-kejriwal-unfollowed-her-on-twitter.jpg)
ডিজিটেল ডেস্কঃ ২০২০ চনত আম আদমী পাৰ্টী ত্যাগ কৰিব বিধায়িকা অলকা লাম্বাই। এক টুইট যোগে এই কথা সদৰি কৰিছে খোদ বিধায়িকাগৰাকীয়ে। দীৰ্ঘ সময় ধৰি আপৰ নেতৃত্বক লৈ অসন্তুষ্টি ব্যক্তি কৰি অহা চান্দনী চ'ক বিধানসভা সমষ্টিৰ বিধায়িকাগৰাকীয়ে দেওবাৰে এক টুইটত লিখিছে- '২০১৩ চনৰ পৰা মই আপৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিলো। এই যাত্ৰাৰ ২০২০ চনত অন্ত পৰিব। মই দলত্যাগ কৰিলেও দলৰ অহৰহ কষ্ট কৰি অহা কৰ্মীসকলৰ বাবে মোৰ শুভকামনা সদায় থাকিব। আশা কৰো দিল্লীৰ বাবে আপ এক শক্তিশালী বিকল্প হৈ থাকিব। আপৰ সৈতে মই পাৰ কৰা ৬টা বৰ্ষ খুব মধুৰ আৰু স্মৃতিময় হৈ থাকিব।'
উল্লেখ্য যে, ২০২০ চনত দিল্লীত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। বিধায়িকা অলকা লাম্বাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে নে পিছত দল ত্যাগ কৰিব সেয়া স্পষ্ট কৰা নাই যদিও চৰ্চা চলা মতে এইবাৰ অলকা লাম্বাই বিজেপিৰ হৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। তাৰ বাবে বিধায়িকাগৰাকীয়ে গোপনে বিজেপি নেতৃত্বৰ সৈতে আলোচনা কৰা বুলিও চৰ্চা চলিছে।