এগজিট প’লৰ ফলাফলৰ পিছতে মায়াৱতীক কিয় সাক্ষাৎ কৰিলে অখিলেশ যাদৱে

এগজিট প’লৰ ফলাফলৰ পিছতে মায়াৱতীক কিয় সাক্ষাৎ কৰিলে অখিলেশ যাদৱে

author-image
asomiyapratidin
New Update
এগজিট প’লৰ ফলাফলৰ পিছতে মায়াৱতীক কিয় সাক্ষাৎ কৰিলে অখিলেশ যাদৱে

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প'লৰ ফলফলৰ পিছতে সোমবাৰে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে বহুজন সমাজবাদী পাৰ্টীৰ অধ্যক্ষ মায়াৱতীক সাক্ষাৎ কৰে। উত্তৰ প্ৰদেশতে একেলগে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা অখিলেশ-মায়াৱতীৰ এই সাক্ষাতে নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, বিভিন্ন সংস্থাৰ এগজিট প'লৰ ফলাফলত উত্তৰ প্ৰদেশত বিজেপি আৰু এছপি-বিএছপি মিত্ৰজোঁটক প্ৰায় সমান সমান আসন প্ৰদান কৰা দেখা গৈছে। তাৰ বিপৰীতে আন কেইটামান সংস্থাৰ এগজিট প'লৰ ফলাফলত ৰাজ্যখনত এছ-বিএছপি মিত্ৰজোঁটতকৈ বিজেপিয়ে অধিক আসন পাব বুলিও কোৱা হৈছে। আনহাতে এবিপি নিউজ-নিলছনে প্ৰকাশ কৰা এগজিট প'লৰ ফলাফলত এছপি-বিএছপিক ৫৬ খন আসন দিয়াৰ বিপৰীতে বিজেপিক দিয়া হৈছে ২২ খন আসন।

বিভিন্ন এগজিট প'লৰ এনে ফলাফলৰ প্ৰেক্ষাপটত মিত্ৰদল দুটাৰ ভূমিকা সন্দৰ্ভতে অখিলেশ যাদৱে সোমবাৰে মায়াৱতীক সাক্ষাৎ কৰা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে টেলেগু দেশম পাৰ্টীৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱেও অখিলেশ যাদৱ আৰু মায়াৱতীক সাক্ষাৎ কৰি বিজেপিৰ বিৰুদ্ধে মহাজোঁট বন্ধন সন্দৰ্ভত আলোচনাত মিলিত হয়।