পুলৱামাত পৰিকল্পিতভাৱে আক্ৰমণ চলাইছিল মোডীয়েঃ অজিজ কুৰেশ্বী

পুলৱামাত পৰিকল্পিতভাৱে আক্ৰমণ চলাইছিল মোডীয়েঃ অজিজ কুৰেশ্বী

author-image
asomiyapratidin
New Update
বিভেদৰ নায়ক! টাইম আলোচনী সন্দৰ্ভত কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা কংগ্ৰেছ নেতা অজিজ কুৰেশ্বীয়ে সোমবাৰে মোডীক আক্ৰমণ কৰি পুলৱামা আক্ৰমণ বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে। মোডীয়ে পৰিকল্পতিভাৱে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাই নিজৰ স্বাৰ্থ সিদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে।


— ANI (@ANI) April 15, 2019

সোমবাৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ'ত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে কয়, 'পৰিকল্পনা কৰি আপুনি সেই আক্ৰমণ সংঘটিত কৰিছিল, যাতে আপুনি সুযোগ লাভ কৰে। কিন্তু জনতাই সকলো বুজি পায়। লাগিলে মোডীয়ে ৪২ গৰাকী বীৰ জোৱানক হত্যা কৰি, তেওঁলোকৰ চিতাৰ জুইৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰক। কিন্তু জনতাই সেয়া হ'বলৈ নিদিয়ে।