বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাক লৈ আপত্তিজনক মন্তব্য আজম খানৰ, এজাহাৰ দাখিল

বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাক লৈ আপত্তিজনক মন্তব্য আজম খানৰ, এজাহাৰ দাখিল

author-image
asomiyapratidin
New Update
বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাক লৈ আপত্তিজনক মন্তব্য আজম খানৰ, এজাহাৰ দাখিল

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰামপুৰ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়প্ৰদাক লৈ কটু মন্তব্য কৰা সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপিয়ে। এক নিৰ্বাচনী প্ৰচাৰ সভাত সমাজবাদী পাৰ্টীৰ নেতাজনে নাম উল্লেখ নকৰাকৈয়ে জয়াপ্ৰদাক আক্ৰমণ কৰি কৰা মন্তব্যই এতিয়া ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, দেওবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত আজম খানে ৰামপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী জয়াপ্ৰদাৰ নাম উল্লেখ নকৰাকৈ কৈছিল- 'যাৰ আঙুলিত ধৰি মই ৰামপুৰলৈ আনিছিলো, ১০ বছৰ ধৰি যাৰ নিজৰ প্ৰতিনিধি সজালো, তেওঁৰ আচল ৰূপ বুজিবলৈ আপোনাক ১৭ বছৰ লাগিল। কিন্তু মই ১৭ দিন পিছতেই গম পাইছিলো যে তেওঁৰ … ৰঙো যে খাকী।' অৱশ্যে এই মন্তব্যৰ পিছতে সোমবাৰে আজম খানে স্পষ্টীকৰণো দিয়ে।

সোমবাৰে আজম খানে স্পষ্টীকৰণ দি কয় যে তেওঁ তেওঁৰ মন্তব্যত কাৰো নাম উল্লেখ কৰা নাই। লগতে তেওঁ এয়াও কয় যে যদি তেওঁ দোষী সাব্যস্ত হয়, তেন্তে তেওঁৰ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ পৰা নিজৰ নাম উভতাই ল'ব আৰু প্ৰতিদ্বন্দ্বিতাৰ পৰা আতৰি থাকিব। তেওঁ কয়, 'মই জানো কি ক'ব লাগে বা নালাগে। যদি মই ভুল বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে বা মই কাৰোবাৰ অপমান কৰিছো, তেন্তে মই নিৰ্বাচনেই নেখেলো।' ,স্পষ্টীকৰণ দি আজম খানে সেই মন্তব্য দিল্লীৰ এজন আৰ এছ এছ কৰ্মীক লৈ কৰা বুলিও মন্তব্য কৰে, যিয়ে তেওঁক হত্যাৰ চেষ্টা চলোৱা বুলি দাবী কৰে সমাজবাদী পাৰ্টীৰ নেতাজনে।

আজম খানৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জয়াপ্ৰদাই। সোমবাৰে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত আজম খানৰ মন্তব্য লজ্জাজনক বুলি অভিহিত কৰি কয় যে তেওঁ আজম খানক ভাতৃৰ দৰে গণ্য কৰিছিল। আজম খানে এনেদৰে মন্তব্য কৰি নিজৰ নিৰ্লজ্জ স্বৰূপ উদঙাই দিয়া বুলিও মন্তব্য কৰে অভিনেত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী জয়াপ্ৰদাই।

ইফালে, আজম খানৰ এই মন্তব্যৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগে সমাজবাদী পাৰ্টীৰ নেতাজনক সকিয়নী প্ৰদান কৰি এই মন্তব্যক লজ্জাজনক আখ্যা দিয়ে আৰু ইয়াৰ কাৰণ দৰ্শাবলৈ আজম খানলৈ এক জাননী প্ৰেৰণ কৰে।