/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/varanasi-adityanath-elections-varanasi-minister-hindustan-pradesh_0f457ce6-53e1-11e9-a540-e59d8ae6a1ea.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশক ফিল্ম চিটী বনোৱাৰ সপোন দেখিছে ৰাজ্যখনৰ বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সেইবাবেই ৰাজ্যখনৰ দুখনকৈ গুৰুত্বপূৰ্ণ আসনত প্ৰাৰ্থিত্ব দিছে দুজন ভোজপুৰী শিল্পীক। মুখ্যমন্ত্ৰীগৰাকীৰ সপোন ইমানেই গভীৰ যে তেওঁ নিশ্চিত, যদি এই শিল্পী দুজন উত্তৰ প্ৰদেশৰ পৰা জয়ী হয়, তেন্তে পূৱ উত্তৰ প্ৰদেশতো নিৰ্মাণ হ'ব ফিল্ম চিটী। কিয়নো এই দুজন অভিনেতা একা সেকা নহয়, একেবাৰে মায়ানগৰী মুম্বাইৰ পৰা ধৰি আনিছে বিজেপিয়ে দুয়োজনকে।
উত্তৰ প্ৰদেশৰ দুটা গুৰুত্বপূৰ্ণ সংসদীয় সমষ্টি হৈছে আজমগড় আৰু গোৰখপুৰ। বহু জল্পনা কল্পনাৰ অন্তত ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে আজমগড় সমষ্টিৰ পৰা ভোজপুৰী অভিনেতা নিৰহুৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে গোৰখপুৰ সংসদীয় সমষ্টিত প্ৰাৰ্থিত্ব্ দিছে ভোজপুৰী অভিনেতা ৰবি কিশানক।
সমষ্টিদুটাৰ সৈতে এই দুই বিজেপি অভিনেতা প্ৰাৰ্থীৰ কোনো সম্পৰ্ক নাথাকিলেও একমাত্ৰ জনপ্ৰিয়তাৰ বলতে জয়ী হোৱাৰ সম্ভাৱনা নথকা নহয়। ইফালে দুয়োটা সমষ্টিতে বিজেপিয়ে দিনে নিশাই অহৰহ চলাইছে নিৰ্বাচনী প্ৰচাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়বোৰ ষ্টাৰ কেম্পেইনাৰেই আজমগড় আৰু গোৰখপুৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে।
#WATCH UP CM in Chandauli: Hum 2 Bhojpuri kalakaro ko chunaav lada rahe hain 1 Azamgarh aur 1 Gorakhpur se, Mumbai se pakad ke laye hain inko, zabardasti laye hain ki ab poorvi UP ke liye bhi kuchh karo. Jab yeh kalakaar sansad banenge to poorvi UP mein bhi filmcity ban sakti hai pic.twitter.com/fJL7FQjxih
— ANI UP/Uttarakhand (@ANINewsUP) April 24, 2019
বুধবাৰে আজমগড়ত নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ আজমগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী নিৰহুৱাৰ লগতে গোৰখপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰবি কিষাণৰো প্ৰশংসাত পঞ্চমুখ হৈ পৰে। দুয়োজন প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰি তেওঁ ভাষণ দিয়ে এইদৰে- 'আমি দুজনকৈ ভোজপুৰী শিল্পীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছো। এজনক আজমগড়ৰ পৰা আৰু আনজনক গোৰখপুৰৰ পৰা। এওঁলোকক আমি মুম্বাইৰ জোৰ জবৰদস্তি কৰি ধৰি আনি কৈছো, এতিয়া পূৱ উত্তৰ প্ৰদেশৰ বাবেও কিবা কৰক। যেতিয়া এই শিল্পীদুজন সাংসদ হ'ব, তেতিয়া পূৱ দিল্লীতো ফিল্ম চিটী নিৰ্মাণ হ'ব।'