বিবেক ভোটেৰে প্ৰাৰ্থী বাচনি কৰিবলৈ আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

বিবেক ভোটেৰে প্ৰাৰ্থী বাচনি কৰিবলৈ আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

author-image
asomiyapratidin
New Update
বিবেক ভোটেৰে প্ৰাৰ্থী বাচনি কৰিবলৈ আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে৷ ইতিমধ্যে দেশত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ গৈছে৷ অহা ২৩ মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ধুবুৰী, কোকৰাঝাৰ, বৰপেটাৰ লগতে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগা গুৱাহাটী লোকসভা সমষ্টিত বিবেক ভোট প্ৰদান কৰিবলৈ গুৱাহাটী সমষ্টিবাসীক আহ্বান জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতি।

দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে বিবেক ভোটৰ আহ্বান জনাই গুৱাহাটীৰ বিভিন্ন সমস্যা সমূহ দাঙি ধৰে। গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা, খোৱাপানী, ৰাস্তা-ঘাটৰ উন্নয়ন, চহৰৰ মধ্যবিত্তৰ সন্তানৰ চৰকাৰী শিক্ষা-স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দি এজন সুস্থ আৰু নিকা ভাৱমূৰ্তিৰ প্ৰতিনিধি বাচনি কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে।

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি ৰাজীৱ চৌধুৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিখনত লিখিছে- 'আপোনালোকে বিগত চৰকাৰৰ কাম-কাজ আৰু বৰ্তমানৰ চৰকাৰৰ কাম কাজ সমূহ পৰ্যালোচনা কৰি চাওক আৰু বিবেক ভোট প্ৰদান কৰক৷ গুৱাহাটীৰ ৰাস্তা-ঘাটৰ উন্নয়ন, মহানগৰীৰ কৃত্ৰিম বানপানী-বিশুদ্ধ খোৱাপানীৰ সমস্যাৰ সমাধান, চহৰৰ মধ্যবিত্তৰ সন্তানৰ চৰকাৰী শিক্ষা-স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ স্বাৰ্থক গুৰুত্ব প্ৰদান কৰক৷ আমি জানো যে এনে সমস্যা সমূহ দীৰ্ঘ সময় ধৰি সমাধান হোৱা নাই৷ এনে সমস্যা সমূহ কোনে সমস্যা কৰি ৰাখিলে তাকো বিবেচনা কৰক৷ বছৰ বছৰ ধৰি আমাৰ উন্নয়ন কিয় নহ'ল তাকো বিচাৰ কৰক৷ আমাক যিসকলে বাৰে বাৰে উন্নয়নৰ নামত ভুৱা প্ৰতিশ্ৰুতি দিলে তেনে লোকক আপোনাৰ ভোটৰ জৰিয়তে উচিত শিক্ষা দিয়ক৷'

কোনো ৰাজনৈতিক দল বা জাতি-ধৰ্মৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচিত নকৰি সমাজৰ হকে কাম কৰিব পৰা এজন উপযুক্ত প্ৰাৰ্থী বাচনি কৰাটোহে অতি জৰুৰী বুলি উল্লেখ কৰে বিজ্ঞপ্তিক। তাৰ লগতে সংগঠনটোৱে সাম্প্ৰদায়িক বিষবাষ্প চটিওৱা ৰাজনৈতিক নেতা-প্ৰাৰ্থীৰ পৰাও আতৰি থাকিবলৈ আহ্বান জনায় গুৱাহাটী সমষ্টিবাসীক।