/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D41dLSrUcAA-49-.jpg)
ডিজিটেল ডেস্কঃ ভোটাধিকাৰ জনতাৰ গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰাবলৈ নিৰ্বাচনৰ সময়ত আয়োগে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। কোনো ভোটাৰেই যাতে তেওঁলোকৰ এই অধিকাৰ নেহেৰুৱাই তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰ তথা নিৰ্বাচন আয়োগে। যাৰ বাবে অতি দুৰ্গম অঞ্চলতো মৃত্যুক জয় কৰি একমাত্ৰ ভোটগ্ৰহণৰ বাবে উপস্থিত হয় নিৰ্বাচনী বিষয়া আৰু প্ৰশাসনৰ লোক।
গুজৰাটৰ এখন ৰাষ্ট্ৰীয় উদ্যান হৈছে ঝুনাগড়স্থিত গীৰ ফৰেষ্ট নেশ্যনেল পাৰ্ক। ১,৪১২ কিলোমিটাৰ মাটিকালিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনতো নিৰ্বাচনৰ সময়ত অনুষ্ঠিত হৈ আহিছে ভোটগ্ৰহণ। সিংহ আৰু অন্যান্য বন্যপ্ৰাণীৰ বিচৰণৰ বাবে সাধাৰণ লোকৰ বাবে অত্যন্ত বিপজ্জনক হিচাপে পৰিচিত গীৰ ফৰেষ্টত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
উল্লেখ্য যে, এই গীৰ ফৰেষ্টৰ ভিতৰৰ বানেজ গাঁৱৰ মাত্ৰ এজন ভোটাৰৰ বাবে প্ৰত্যেক নিৰ্বাচনত নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ভোটগ্ৰহণ অনুষ্ঠিত কৰি আহিছে। উনা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখনত বাস কৰে এজন পূজাৰীয়ে। ৫৫ বছৰীয়া ভাৰতদাস দৰ্শনদাস নামৰ পূজাৰী জনৰ বাবে নিৰ্বাচন আয়োগ আৰু চৰকাৰে মিলি গীৰ ফৰেষ্টত ভোটকেন্দ্ৰ স্থাপন কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D41dF2xU8AETZse.jpg)
মঙলবাৰে অনুষ্ঠিত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰি ভাৰতদাস দৰ্শনদাসে কয়, 'মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলো। ইয়াৰ অৰ্থ এয়াই যে ইয়াত ১০০ শতাংশ ভোটদান সম্পন্ন হৈছে। মই বিচাৰো ভাৰতবৰ্ষৰ অন্য স্থানতো এনেদৰে ১০০ শতাংশ ভোটদান সম্পন্ন হওক। এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ ভোটদান অতি জৰুৰী। সকলোৱে ওলাই অহা উচিত আৰু ভোট দিয়া উচিত।'