এটা অৰাজনৈতিক লেখা… গামোছাৰে উপশম কৰক ভৰিৰ বিষ

এটা অৰাজনৈতিক লেখা… গামোছাৰে উপশম কৰক ভৰিৰ বিষ

author-image
asomiyapratidin
New Update
এটা অৰাজনৈতিক লেখা… গামোছাৰে উপশম কৰক ভৰিৰ বিষ

♦ মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতিয়ে কেতিয়াবা আমুৱায়। ৰাজনীতিৰ কথাবোৰে মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে। সেয়েহে সুযোগ পালে অৰাজনৈতিক কথা বতৰাও পাতিব লাগে। এই কথাবোৰৰ মাজৰ পৰা এজন মানুহক নতুনকৈ আৱিস্কাৰ কৰা সম্ভৱ। যদিহে সেই কথোপকথন সুপৰিকল্পিত আৰু প্ৰশ্নসমূহ পূৰ্বতে নিৰ্ধাৰণ কৰি থোৱা থাকে, তেন্তে এনে কথোপকথন আৰু অধিক মনোগ্ৰাহী হয়।

এতিয়া আমৰ বতৰ। আম ফলৰ ৰজা। সকলোৱে আম খাই ভাল পায়। কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে আম খাই ভাল পায় নে। যদি ভাল পায়, তেন্তে তেওঁ কেনেদৰে আম খায়? বলীউডৰ এগৰাকী চুপাৰষ্টাৰে প্ৰধানমন্ত্ৰীক সুধিলে এই প্ৰশ্ন। কিয়নো এই কথা বতৰাবোৰেই আছিল অৰাজনৈতিক।

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ ল'বলৈ পোৱাতো সৌভাগ্যৰ কথা। আৰু সেই সাক্ষাৎকাৰ বলীউডৰ এজন নায়কে ল'লে তাৰ মাদকতা আৰু বাঢ়ে। আৰু যদি প্ৰশ্নবোৰ এনেধৰণৰ হয়, তেন্তে সেই সাক্ষাৎকাৰৰ গাম্ভীৰ্য্যতা বাঢ়ে নে কমে সেয়া মানুহেহে নিৰূপণ কৰিব। প্ৰধানমন্ত্ৰীয়ে আম খায়। সৰুতে আম খাইছিল। গুজৰাটত আম ৰসৰ পৰম্পৰা আছিল। আমৰ বাগানলৈ গৈ খাইছিলগৈ আম…। সেয়া সৰু কালৰ কথা।

প্ৰধানমন্ত্ৰীৰ মতে, আমাৰ খেতিয়কসক বৰ উদাৰ। কোনোবাই খাবলৈ গ'লে আম খাবলৈ দিছিল। কিন্তু চোৰ কৰিলেহে বাধা দিছিল। গছত পকি থকা আম চিঙি আনি খাই তেওঁ খুব ভাল পাইছিল। আমৰ সেই সোৱাদ তেওঁ পাহৰা নাই। অৰাজনৈতিক এই কথা বতৰাবোৰ আগবাঢ়ি গৈছিল। প্ৰধানমন্ত্ৰীৰ ইমান দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা সাংবাদিকেই ওলোৱা নাছিল যোৱা ৫টা বছৰত।

আপুনি আম খায় নে? যদি খায়, কেনেকৈ খায়?
আপুনি আম খায় নে? যদি খায়, কেনেকৈ খায়?

কেতিয়াবা বহি, কেতিয়াবা সেউজীয়া ল'নত খোজ কাঢ়ি কাঢ়ি গ্ৰহণ কৰিছিল এই সাক্ষাৎকাৰ। প্ৰধানমন্ত্ৰীৰ ৭লোক কল্যাণ মাৰ্গত থকা বাংলোত গ্ৰহণ কৰা এই সাক্ষাৎকাৰটোৰ জৰিয়তে বিশেষ নতুন কথা ৰাইজে নাজানিলেও অৰাজনৈতিক কথা বতৰাৰ কিছু উমান পালে।

প্ৰধানমন্ত্ৰীৰ মুখত হাঁহি, কেতিয়াবা সেই হাঁহি বলীউড ষ্টাৰ অক্ষয় কুমাৰৰ মুখত। আমৰ খেতিয়কৰ উদাৰতাৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে খেতিয়াকসকলে ভোগ কৰি থকা সমস্যাৰ কথা পিছে নক'লে। সেই কথা সোধাও নাছিল। কিয়নো এয়া আছিল অৰাজনৈতিক কথা বতৰা।

মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজিৰ তাৰিখত সম্পৰ্ক সাপ-নেউলৰ দৰে। জনসভাত মমতা বেনাৰ্জীক কঠোৰ ভাষাৰে সমালোচনা কৰে নৰেন্দ্ৰ মোডীয়ে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কম গালি নাপাৰে বংগ কন্যা মমতাই। বিৰোধীৰ সৈতে প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক কেনেকুৱা? অক্ষয় কুমাৰৰ এই প্ৰশ্নৰ উত্তৰত প্ৰথমে প্ৰধানমন্ত্ৰীয়ে কৈছিল গুলাম নবী আজাদৰ সৈতে সংসদ ভৱনত সন্মুখীন হোৱা এক অভিজ্ঞতাৰ কথা। তাৰ পিছত ক'লে মমতাৰ কথা-

'আপুনি শুনি আচৰিত হ'ব। আৰু এইবোৰ কথা যদি কওঁ, নিৰ্বাচনত মোৰ লোকচানো হ'ব পাৰে।'- এইদৰে কৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু কথাটো ক'লে- 'মমতা দিদিয়ে বছৰত আজিও বছৰত এটা বা দুটা কুৰ্তা নিজেই পচন্দ কৰি মোলৈ পঠিয়ায়।' অৰাজনৈতিক কথা বতৰাৰ মাজতে কিমান যে ৰাজনীতি থাকে!

সমগ্ৰ সাক্ষাৎকাৰটো অৰাজনৈতিক কথা বতৰাৰে ভৰা। কেইঘন্টা তেওঁ শোৱে? কৌতুক কৰি তেওঁ ভাল পায় নে? ৰাষ্ট্ৰপতি ওবামাই যেতিয়া লগ পায়, তেতিয়া তেওঁ এই প্ৰসংগই উলিয়ায়। ৰাষ্ট্ৰপতি ওবামাই তেওঁক শোৱা সময় অলপ বঢ়াবলৈ পৰামৰ্শ দিছিল।

সাক্ষাৎকাৰটোত ওলাইছিল পাৰিবাৰিক জীৱনৰ কথা, ঘৰ-সংসাৰ ইত্যাদিৰ বিষয়। সকলো প্ৰশ্নৰ অৰাজনৈতিক উত্তৰ দিছিল মোডীয়ে। কথা বতৰাবোৰত কোনো ৰাজনীতি নাছিল। ৰাজনীতিবিহীন কথা বতৰাই কেতিয়াবা ভাল লাগে। সাধু কথাৰ দৰে শুনি থাকিব পাৰি। এই কথাবোৰ সাধাৰণ মানুহৰ কথা নহয়, প্ৰধানমন্ত্ৰীৰ কথা।

এই অৰাজনৈতিক কথা বতৰাৰ মাজত অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ কথাও ওলাইছিল। টুইংকল খান্নাৰ ককাকক ভালদৰে জানিছিল মোডীয়ে। অৱশ্যে তাত সোধাহে নহ'ল মোডীৰ পত্নী যোশোদাবেনৰ কথা। নোলাল এই প্ৰসংগত টু শব্দ। কিয়নো এইবোৰ আছিল অৰাজনৈতিক কথা।

অৰাজনৈতিক কথাবোৰৰ মাজত কেতিয়াবা ৰাজনীতিও আহি যায়। ৰাজনীতিক জীৱনৰ পৰা পৃথক কৰিব নোৱাৰি। স্থান তেতিয়া সলনি হৈছিল সেই সাক্ষাৎকাৰৰ। বাৰান্দাৰ পৰা উঠি আহি দুয়ো বহিছিলহি ল'নত। ছচিয়েল মিডিয়াৰ কথা ওলাইছিল। ছ'চিয়েল মিডিয়াত মোডীক লৈ বহু 'Memes' বনোৱা হয়। অক্ষয় কুমাৰে তেনে কেইটামান 'Memes' আই-পেডত খুলি দেখুৱালে। প্ৰাণ খোলা হাঁহি মাৰিলে মোডীয়ে। আৰু কি কি লিখা আছে সেয়া পঢ়িও শুনালে।

অৰাজনৈতিক কথা বতৰাৰ মাজতে দি গ'ল ৰাজনীতিৰ বতৰা। 'অব কী বাৰ মোডী চৰকাৰ'…। কোনেও গমেই নাপালে। অৰাজনৈতিক সাক্ষাৎকাৰত কেনেদৰে সোমাই গ'ল ৰাজনীতি।

ৰগৰ কৰি ভাল পায় মোডীয়ে। চেন্স অৱ হিউমাৰ আছে তেওঁৰ। প্ৰথমে অক্ষয় কুমাৰেই শুনাইছিল তেওঁক এটা কৌতুক। প্ৰসংগ আছিল ধন। মোডীৰ বেংক বেলেন্স এতিয়া কিমান? সেই প্ৰশ্নৰ গইনাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁ বেংকত থকা ২১ লাখ টকা গুজৰাট বিধানসভা সচিবালয়ত কৰ্মৰত ড্ৰাইভাৰ, পিয়নৰ ল'ৰা-ছোৱালীৰ অধ্যয়নৰ বাবে দান কৰি আহিছিল। মোডীয়ে হেনো বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতহে বেংক একাউন্ট খুলিছিল। অক্ষয় কুমাৰে মোডীক কৈছিল এটা কাহিনী। গুজৰাটীত কোৱা এই কাহিনীটো আছিল- 'এজন গুজৰাটী ব্যৱসায়ী মৃত্যু শয্যাত। তেওঁৰ কাষত পুত্ৰ-কন্যা, পত্নী। ব্যৱসায়ীজনে সুধিলে মোৰ কাষত কোন আছা? পত্নীয়ে ক'লে মই। পুত্ৰই ক'লে ময়ো আছো। মৃত্যুৰ ক্ষণ গণি থকা ব্যৱসায়ীজনে কৈছিল- তহঁত যদি সকলো মোৰ কাষত আছা, তেন্তে দোকানত কোন আছে?'

মোডীয়েও পুনেৰ এক অভিজ্ঞতাৰ কথা কৈ নিজেও হাঁহিছিল। সমাজবাদী নেতা-কৰ্মীৰ কথা আছিল এয়া। পুনে ৰে'লৱে ষ্টেছনত নামি খোজেৰে তেওঁ আৰ এছ এছৰ কাৰ্যালয় অভিমুখে গৈ থাকোতে অটো এখন সেই গতিতে তেওঁৰ পিছে পিছে গৈ আছিল। কিছুদূৰ যোৱাৰ পাছত অটোৱালাক মোডীয়ে সুধিছিল- অটো খন বেয়া নেকি? কিয় ইমান লাহে লাহে গৈছে? তেতিয়া অটোৱালা জনে তেওঁক সুধিছিল- আপুনি সমাজবাদী নেকি? মোডীয়ে উত্তৰ দিছিল- মই আহমেদাবাদী। অটোৱালাই লাহে লাহে অটো চলোৱাৰ কাৰণ ব্যাখ্যা কৰিছিল মোডীক। সমাজবাদী লোকসকলে হেনো ৰে'ল ষ্টেছনৰ পৰা অটোত নুঠে। কেইশ মিটাৰ মান আঁতৰত আহিয়ে জন চক্ষুৰ আঁৰ লৈ অটোত উঠে।

এই অৰাজনৈতিক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীক সোধা হৈছিল- আলাউদ্দিনৰ চাকিটো যদি তেওঁ পায়, তেওঁ কি বিচাৰিব? মোডীয়ে কৈছিল- মই যদি এই চাকিটো পাও, তেনেহ'লে মই কম, শিক্ষাবিদ, সমাজ বিজ্ঞানীসকলৰ মূৰত যাতে সেই জ্ঞান ভৰাই দিয়ে যাতে ভৱিষ্যতৰ প্ৰজন্মক এই আলাউদ্দিনৰ কাহিনী শুনাবলৈ বন্ধ কৰে। যাতে তেওঁলোকে পৰিশ্ৰম কৰিব পাৰে, তাৰ শিক্ষা দিয়ক।

অসমৰ গামোছা প্ৰিয় মোডীৰ। অৰাজনৈতিক সাক্ষাৎকাৰত তেওঁ অসমৰ গামোছাৰ কথাও উল্লেখ কৰিলে। ভৰিৰ বিষ হ'লে তেওঁ ব্যৱহাৰ কৰে এই গামোছা। ভৰি দুখন বান্ধি লয় এই গামোছাৰে। তাৰ পিছত এডাল সৰু লাঠিৰে এই গামোছাৰ জৰিয়তে ভৰি বিষৰ পৰা কিদৰে উপশম লাভ কৰে, সেই কথাও ক'লে মোডীয়ে।

আমি কান্ধত লোৱা এই গামোছাখন মূৰৰ বিষ হ'লে মূৰত বান্ধো। গামোছা আমাৰ ঐতিহ্যৰ প্ৰতীক। পিছে এই গামোছাৰ ভৰিৰ বিষ উপশম কৰিব পৰা ঔষধি গুণ আছে বুলি ইমানদিনে কোনেও জনা নাছিল। আমাৰ কান্ধৰ গামোছাখন ভৰিত লৈ বিষ উপশম কৰিব পৰাৰ 'টিপছ' প্ৰধানমন্ত্ৰীয়ে এই অৰাজনৈতিক সাক্ষাৎকাৰত প্ৰথম দিলে। অৱশ্যে কোনোবাই যদি ইয়াক লৈ বিতৰ্ক কৰিবও খোজে তেন্তে উত্তৰ হ'ব এটাই- এয়া অৰাজনৈতিক।

এয়াই অৰাজনৈতিক কথা বতৰা। তেওঁ এজন কঠোৰ প্ৰশাসক। প্ৰশাসন তেওঁ কেনেদৰে চম্ভালে তাৰো আভাস দিলে তেওঁ। অৰাজনৈতিক এই সাক্ষাৎকাৰে মোডীক তুলি ধৰিলে। প্ৰশ্নকৰ্তাৰ ৰূপত বলীউডৰ তাৰকাগৰাকীয়ে মোডীক সোধা প্ৰশ্নবোৰত নাছিল তেওঁৰ পৰা কিবা এটা নতুন কথা জানিব পৰাৰ ইচ্ছা। প্ৰতিটো প্ৰশ্ন এনেদৰে প্ৰস্তুত কৰা হৈছিল যাতে প্ৰশ্নবোৰৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে নিজক তুলি ধৰিব পাৰে।

অৰাজনৈতিক কথা বতৰাৰ এই সাক্ষাৎকাৰ যথেষ্ট জনপ্ৰিয় হৈছে। চৰ্চাও হৈছে সাক্ষাৎকাৰটোক লৈ। লোকসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। আৰু ৪টা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ বাকী। তাৰ মাজতেই আহিল এই অৰাজনৈতিক সাক্ষাৎকাৰ। মোডীক সোধা নহ'ল আন কিছু অৰাজনৈতিক কথা।

সেইবোৰ কথা সুধিবলৈ অৱকাশেই বা ক'ত? এইটো যে নাছিল ৰাজনৈতিক সাক্ষাৎকাৰ। প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিও সেই প্ৰশ্নৰ লক্ষ্য আছিল কেৱল নৰেন্দ্ৰ মোডী। বাতৰি চেনেলত বাতৰি পঢ়া এংকৰৰ দৰেই হয়তো নিৰ্ধাৰণ কৰি দিয়া আছিল কি সুধিব লাগিব তেওঁক। আম খোৱাৰ কথা সুধিলে, কিন্তু আমৰ খেতিয়কসকলে সন্মুখীন হোৱা আচল প্ৰশ্ন নুসুধিলে। মোডীৰ বেংকৰ একাউন্টত কিমান ধন আছে, সেয়া জানিব বিচাৰিলে। নুসুধিলে কেৱল ২০১৪ত ক'লা ধন ঘূৰাই আনি দেশবাসীক ১৫ লাখকৈ টকা দিম বুলি কোৱা মোডীৰ প্ৰতিশ্ৰুতি ক'ত হেৰাল?

মোডী সন্যাসী হ'ব বিচাৰিছিল। '৬২ৰ যুদ্ধৰ সময়ত সেনা হোৱাৰ মন মেলিছিল মোডীয়ে। সেইবোৰ কাহিনী সুধিলে। নুসুধিলে কেৱল দেশৰ সেনাক লৈ কিয় ৰাজনীতি কৰা হৈছে। নিৰ্বাচনী সভাত বালাকোট, পাকিস্তানৰ কথা। আকৌ এবাৰ পাকিস্তানক আক্ৰমণ কৰিবলৈকেই মোডীক ভোট দিব লাগে নেকি সেই কথাও সুধিব নোৱাৰিলে।

হয়তো অৰাজনৈতিক সাক্ষাৎকাৰৰ বাবেই এইবোৰ প্ৰশ্ন সোধাত মানা আছিল। অক্ষয় কুমাৰৰ পত্নী টুইংকল খান্নাৰ কথাও ওলাইছিল। সোধা নহ'ল সাধাৰণ লোকৰ কথা। মোডীৰ ব্যক্তিগত জীৱন আৰু দৰ্শন ফুটাই তুলিবলৈ আৰু তেওঁৰ ব্যক্তিত্বক ওপৰলৈ তুলি ধৰিবলৈ এনে অৰাজনৈতিক সাক্ষাৎকাৰৰ প্ৰয়োজন আছিল। সেয়া পূৰণ কৰিলে এই সাক্ষাৎকাৰে। কিন্তু এজন প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ, এজন বলীউডৰ চুপাৰষ্টাৰে পতা কথা বতৰাৰ দৃষ্টিৰে এই অৰাজনৈতিক সাক্ষাৎকাৰ যেন অন্তসাৰ শূণ্য।

বলীউডৰ চুপাৰ ষ্টাৰে সাক্ষাৎকাৰ লৈছে, প্ৰধানমন্ত্ৰী মোডীয়ে সাক্ষাৎকাৰ দিছে। আম খাই ভাল পায় নে নাপায়, খালে কেনেকৈ খায়, এইবোৰ কথাই সাক্ষাৎকাৰটোত ঠাই পাইছে। কিন্তু ইয়াতকৈ বহু গুৰুত্বপূৰ্ণ কথা সুধিবলৈ সাংবাদিক তথা সাধাৰণ লোকৰ ইচ্ছা থাকে। কিন্তু সেই ইচ্ছা পূৰণ কৰিব নিদিয়ে। প্ৰধানমন্ত্ৰী বাদেই, তলৰ পৰ্যায়ৰ নেতাকো এনে সাক্ষাৎকাৰ বিচাৰিলে সময় দিব তেওঁলোকে নোৱাৰে। কিয়নো 'ষ্টেটাছ' নিমিলে। এওঁলোকেই কয়, তেওঁলোক হেনো চকীদাৰ।

এইবোৰ কথাও হয়তো অৰাজনৈতিক। এনে অৰাজনৈতিক কথা যিকোনো মানুহে সুধিব নোৱাৰে। সাংবাদিকে প্ৰধানমন্ত্ৰী মোডীক আম খায় নে, কেনেকৈ খায় প্ৰশ্ন কৰিলে ডাঙৰ ইছ্যু হৈ গ'লহেঁতেন। কিন্তু এতিয়া কোনো কথা নাই। বলীউডৰ চুপাৰষ্টাৰে সুধিছে এই প্ৰশ্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এনে অৰাজনৈতিক সাক্ষাৎকাৰ ল'বলৈ ভাগ্য লাগিব। কিয়নো অৰাজনৈতিক কথা বতৰাৰ মাজতে কেতিয়াবা হৈ যায় ৰাজনীতি। প্ৰধানমন্ত্ৰীৰ কাষত বহাজনৰ নাম আৰু 'ফেম' থাকিলেই হ'ল। তেওঁক কি সুধিব লাগিব, ভাটৌৰ দৰেই আওৰাই গ'লেই হৈ যায় এনে অৰাজনৈতিক সাক্ষাৎকাৰ।