অন্তিম পৰ্যায়ৰ ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবাজনো ৰথী-মহাৰথী…নিৰ্বাচনৰ খবৰ A 2 Z…

অন্তিম পৰ্যায়ৰ ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবাজনো ৰথী-মহাৰথী…নিৰ্বাচনৰ খবৰ A 2 Z…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবাজনো ৰথী-মহাৰথী…নিৰ্বাচনৰ খবৰ A 2 Z…

১৯ মে'ত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোট গ্ৰহণ। অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ সকলো খবৰ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

কেইবাখনো ৰাজ্যত বহুকেইটা হিংসাত্মক কাৰ্যৰ মাজেৰে পাৰ হ'ল দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ৬ টা পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেওবাৰে অনুষ্ঠিত হ'ব দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ ৮ ৰাজ্যৰ ৫৯ টা সমষ্টিত অনুষ্ঠিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন। ইতিমধ্যে যোৱা শুকুৰবাৰে অন্ত পৰিছে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চলোৱা প্ৰচাৰ অভিযান। প্ৰতিতো দলেই পূৰ্ণদমে নিজৰ দলৰ প্ৰাৰ্থীৰ হৈ কৰিলে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ অন্তিম মুহূৰ্তত কাৰ্যকালৰ প্ৰথমবাৰলৈ সংবাদমেলো সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৰ্ৱতে সংবাদমেলত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সাংবাদিকৰ প্ৰশ্ন উত্তৰ দিয়াক লৈ বিৰোধী তীক্ষ্ণ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰীগৰাকীৰ সংবাদমেলৰ পাছতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও সংবাদমেল আয়োজন কৰি মোডীক তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হৈছিল। বিৰ্তক- সমালোচনাৰ মাজেৰেই দেওবাৰে অন্ত পৰিব সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

অন্তিম পৰ্যায়ৰ নিৰ্বাচনত কোন ৰাজ্যৰ কিমানটা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ-

সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৫৯ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। উত্তৰ প্ৰদেশ, বিহাৰ আৰু পঞ্জাৱতে সৰ্বাধিক আসনত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ। ইতিমধ্যে দেশত ৬ টা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ১১ এপ্ৰিলত প্ৰথম, ১৮ এপ্ৰিলত দ্বিতীয়, ২৩ এপ্ৰিলত তৃতীয়, ২৯ এপ্ৰিলত চতুৰ্থ, ৬ মে'ত পঞ্চম আৰু ১২ মে'ত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্য কেইখন আৰু সমষ্টি সমূহ হ'ল-

  • বিহাৰৰ ৮ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • ঝাৰখণ্ডৰ ৩ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • মধ্যপ্ৰদেশৰ ৮ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • পঞ্জাৱত ১৩ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • পশ্চিম বংগত ৯ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • চণ্ডীগড়ৰ ১ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • উত্তৰ প্ৰদেশৰ ১৩ টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • হিমাচল প্ৰদেশৰ ৪ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।

অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ প্ৰাৰ্থী আৰু কোন দলৰ প্ৰাৰ্থীৰ কিমান টকাৰ সম্পত্তি-

অন্তিম তথা সপ্তম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯০৯ গৰাকী প্ৰাৰ্থীয়ে আহবঢ়াইছে প্ৰাৰ্থিত্ব। এ ডি আৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই পৰ্যায়ৰ প্ৰতিন্বন্দ্বিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ৪.৬১ কোটি। এই প্ৰতিবেদনৰ মতে,

কংগ্ৰেছৰ ৪৫ গৰাকীৰ প্ৰাৰ্থীৰ মুঠ সম্পত্তি পৰিমাণ হৈছে গড়ে ১৭.১৫ কোটি টকা।

বিজেপি দলৰ ৪৩ গৰাকী প্ৰাৰ্থীৰ গড়ে মুঠ সম্পত্তিৰ পৰিমাণ ৯.৮২ কোটি টকা।

বি এছ পি দলৰ ৩৯ গৰাকী প্ৰাৰ্থীৰ প্ৰত্যেকেৰে গড় হিচাপত সম্পত্তি আছে ৫.২৪ কোটি টকা।

ঠিক তেনেদৰে আম আদমী পাৰ্টিৰ ১৪ জন প্ৰাৰ্থীৰ প্ৰত্যেকৰে সম্পত্তিৰ পৰিমাণ ৫.২০ কোটি টকা।

মুঠ ৯০৯ জন প্ৰাৰ্থীৰ ভিতৰত ২৭৮ জন প্ৰাৰ্থী অথাৎ ৩১ শতাংশই হৈছে কোটিপতি। ইয়াৰে কংগ্ৰেছ দলত কোটিপতি আছে ৮৯ শতাংশ, বিজেপিত আছে ৮৪ শতাংশ, বি এছ পিত আছে ২৮ শতাংশ, আম আদমীৰ ৬৪ শতাংশ আনহাতে ৩১৩ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ৫৯ জন(১৯ শতাংশ) হৈছে কোটিপতি।

অন্তিম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ বয়স-

মুঠ ৯০৯ জন প্ৰাৰ্থীৰ ভিতৰত

৫৩৭ গৰাকী প্ৰাৰ্থীৰ বয়স ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত। অথাৎ ৫৯ শতাংশ।

৩৬৬ গৰাকী অথাৎ ৪০ শতাংশ প্ৰাৰ্থীৰ বয়স ৫১ ৰ পৰা ৮০ বছৰ বয়সৰ ভিতৰত।

৩ গৰাকী প্ৰাৰ্থীৰ বয়স ৮০ বছৰৰ ওপৰত।

৩ গৰাকী প্ৰাৰ্থীয়ে শপতনামাত উল্লেখ কৰা নাই বয়স।

সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ১১ শতাংশ অথাৎ ৯৬ গৰাকী মহিলা প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব।

অন্তিম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা কোন দলৰ কিমান জন অপৰাধী প্ৰাৰ্থী-

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মুঠ ৯০৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে ১৭০ গৰাকী প্ৰাৰ্থীৰ বিৰিদ্ধে আছে অপৰাধৰ গোচৰ। আনহাতে ১২৭ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। বিভিন্ন দলৰ ১২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আই পি চি ধাৰা-৩০২ৰ অধীনত হত্যৰ গোচৰ আনহাতে ৩৪জন প্ৰাৰ্থীৰ বিৰুদ্ধে আই পি চি ধাৰা-৩০৭ ৰ অধীনত হত্যাৰ চেষ্টা কৰা অপৰাধত অভিযুক্ত। ৭ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে আই পি চি- ৩৬৩ নংৰ ধাৰাৰ অধীনত অপহৰণৰ সম্বন্ধীয় গোচৰ। মুঠ প্ৰাৰ্থীৰ ভিতৰত ২০ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে মহিলা নিৰ্যাতনৰ গোচৰ। ১০ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপ বক্তব্য প্ৰদান কৰাৰ গোচৰ।

দলসমূহৰ মাজত অপৰাধী প্ৰাথীৰ সংখ্যা এনেধৰণৰ-

বিজেপি দলত ১৮ জন[ ৪২ শতাংশ]

কংগ্ৰছত ১৪ জন [৩১ শতাংশ]

বি এছ পিত [৬ জন ১৫ শতাংশ]

আম আদমীৰ [৩ জন ২১ শতাংশ]

নিৰ্দলীয় ২৯ জন [৯ শতাংশ]

অন্তিম পৰ্যায়ৰ নিৰ্বাচনত চৰ্চাত উত্তৰ প্ৰদেশ-

লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণত সবাতোকৈ চৰ্চিত ৰাজ্যখন হৈছে উত্তৰপ্ৰদেশ। ৰাজ্যখনত মুঠ ১৩ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। বহুকেইগৰাকী হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব দেওবাৰৰ ভোটগ্ৰহণত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহা, অনুপ্ৰিয়া পেটেলৰ ভাগ্য বন্দী হ'ব ই ভি এমত। আনহাতে উত্তৰ প্ৰদেশৰ বিজেপি অধ্যক্ষ ডা মহেন্দ্ৰ নাথ পাণ্ডে , প্ৰাক্তন মন্ত্ৰী আৰ পি এন সিঙৰ লগতে ভোজপুৰী অভিনেতা তথা ন বিজেপি ৰবিকিশনৰ দৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব উত্তৰ প্ৰদেশৰ জনগণে।

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ২৫ গৰাকী প্ৰাৰ্থী-

দেওবাৰে ভাগ্য নিৰ্ণয় হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰো। উত্তৰ প্ৰদেশৰ বাৰাণসী  সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মোডীৰ বিৰুদ্ধে আছে ২৫ গৰাকী প্ৰাৰ্থী। বিভিন্ন দলৰ ২৫ গৰাকী প্ৰাৰ্থী থকা সত্ত্বেও প্ৰধানমন্ত্ৰী মোডী জয়ী হোৱাৰ সম্ভাৱনাই প্ৰকট বুলি মতপোষণ কৰিছে ভিন্ন মহলে। অন্যফালে সমষ্টিটোত কংগ্ৰেছৰো নাই কোনো শক্তিশালী প্ৰাৰ্থী। প্ৰথমে প্ৰিয়ংকা গান্ধীক কংগ্ৰেছে প্ৰক্ষেপ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও শেষত সমষ্টিটোত অজয় ৰাৱকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়। ইফালে সমাজৱাদী পাৰ্টিয়ে বি এছ এফ জোৱান তেজ বাহাদুৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও শেষ মুহূৰ্তত তেজ বাহাদুৰৰ মনোনয়ন প্ৰত্যাখান কৰা হয়। এনে পৰিস্থিতিত এই সমষ্টিত মোডীৰ সমকক্ষ তথা যুঁজ দিব পৰা কোনো প্ৰাৰ্থী নজৰলৈ অহা নাই।

বিহাৰৰ জনগণে নিৰ্ণয় কৰিব কৰিব কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ ভাগ্য-

সপ্তম পৰ্যায়ৰ নিৰ্বাচনত বিহাৰৰ ৮ সমষ্টিত ১৫৭ জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব। এই ৮ সমষ্টিত ৯ জন প্ৰাৰ্থীৰ ওপৰত নজৰ ৰাখিছে সমগ্ৰ দেশবাসীয়ে ইয়াৰ লগতে ৪ জন কেন্দ্ৰীয় মন্ত্ৰীৰো ভাগ্য নিৰ্ণয় কৰিব বিহাৰবাসীয়ে।

বিহাৰৰ পাটনা চাহিব সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ আৰু ন কংগ্ৰেছ প্ৰাৰ্থী শতুঘ্ন সিনহাই। পাটালিপুত্ৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী ৰামকৃপাল যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে মীছা ভাৰতীয়ে। ঠিক তেনেদৰে বস্কৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী অশ্বনী চুবেৰ বিৰুদ্ধে আছে জগতানন্দ সিং। আৰা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙ যুঁজত নামিছে। আনহাতে চাচাৰাম সমষ্টিত আছে প্ৰাক্তন লোকসভা অধ্যক্ষ মীৰা কুমাৰ। কাৰাকাট সমষ্টিত আে কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুশৱাহা। এই সকলোবোৰৰ ভিতৰত পাটনা চাহিবৰ নিৰ্বাচনী যুঁজখনেই সবাতোকৈ আকৰ্ষণীয় হ'ব বুলি ধাৰণা কৰা হৈছে।

পঞ্জাৱৰ ১৩ টা সমষ্টিত ২ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ২৭৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়-

দেওবাৰৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত পঞ্জাৱৰ ১৩ টা সমষ্টিত মুঠ ২৭৮ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব। ইয়াৰে ২৪ গৰাকী মহিলা প্ৰাৰ্থী। কেইবাজনো হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব এই ভোটগ্ৰহণত। দুজন কেন্দ্ৰীয় মন্ত্ৰী হৰসিমৰত কৌৰ আৰু হৰদ্বীপ সিং পুৰীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে পঞ্জাৱৰে দুটাকৈ সংসদীয় সমষ্টিৰ পৰা। ইয়াৰ উপৰিও অভিনেতা তথা ন বিজেপি চানী দেউল, পঞ্জাৱ কংগ্ৰেছৰ সভাপতি সুনীল জাখড়, আম আদমীৰ নেতা ভগৱন্ত মানৰো ভাগ্য নিৰ্ণয় হ'ব দেওবাৰে। পঞ্জাৱৰ ১৩ খন আসনৰ বাবে হোৱা ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে চলিব।

১৯৫২ৰ পৰা ২০১৯ লৈ, স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰে দেওবাৰে দিব ভোট…

২০১৯ৰ লোকসভা নিৰ্বাচন হৈছে স্বাধীন ভাৰতৰ ১৭ সংখ্যক নিৰ্বাচন। ১৯৫২ চনৰ জৱাহৰলাল নেহৰুৰ পৰা ২০১৪ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱালৈকে ভাৰতৰ ৰাজনীতি নিজ চকুৰে প্ৰত্যক্ষ কৰা এজন ব্যক্তি এতিয়াও জীৱিত আছে। স্বাধীন ভাৰতৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এই ব্যক্তিজনে প্ৰদান কৰিছিল প্ৰথমটো ভোট। ব্যক্তিজনৰ নাম শ্যাম চৰণ নেগী। ১০২ বছৰ বয়সৰ দেশৰ সবাতোকৈ বয়সীয়াল ভোটাৰ হিচাপে স্বীকৃতি পোৱা নেগীয়ে সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটদান কৰিব।
উল্লেখ্য যে, স্বাধীন ভাৰতৰ প্ৰথমজন ভোটাৰ নেগীয়ে ১৯৫১ চনৰ ২৩ অক্টোবৰত কিন্নৰত ভোট প্ৰদান কৰিছিল। দেশৰ ৰাজনীলৈ যুৱশক্তিক আমন্ত্ৰণ জনাই মঙলবাৰে নেগীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় ' মই সচাকৈয়ে বহুত সুখী যে মই পুনৰ ভোটাধিকাৰ সাব্যস্ত কৰিম।' শ্যাম চৰণ নেগীৰ জন্ম হৈছিল ১৯১৭ চনৰ ৪ চেপ্টেম্বৰত। হিমাচল প্ৰদেশৰ কল্পাত জন্মগ্ৰহণ কৰিছিল নেগীয়ে। ১০২ বছৰ বয়সতো মানসিকভাৱে খুবেই সৱল নেগী। কেইবাটাও প্ৰজন্ম অতিক্ৰম কৰা নেগীয়ে বাঁও চকুৰে দেখা নাপায় আৰু সো চকু ৫০ শতাংশ বিকল।তথাপিও সুস্থ ব্যক্তিৰ দৰেই চলা-ফুৰা কৰে নেগীয়ে। ২০১০ চনৰ ১৩ জুনত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নবীন বি চাওলাই তেওক ভাৰতবৰ্ষৰ প্ৰথমজন ভোটাৰ হোৱাৰ স্বীকৃতি প্ৰদান কৰিছিল।

শ্যাম চৰণ নেগী

দেওবাৰৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে ৫৯ টা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ। সকলো কেন্দ্ৰতে নিয়োজিত পোলিং বিষয়া-কৰ্মচাৰীসকল নিজ নিজ কেন্দ্ৰলৈ ই ভি এম সমূহ লৈ ৰাওনা হৈছে।

সকলো ভোটকেন্দ্ৰত ব্যৱস্থা কৰা হৈছে কটকটীয়া নিৰাপত্তা। ৫৯ টা সমষ্টিত ৩৩ টা সমষ্টিত প্ৰশাসনে জাৰি কৰিছে ৰেড এৰ্লাট।