ৰাজ্যসভাৰ ২ আসনৰ বাবে ৭ জুনত ভোটগ্ৰহণ…

ৰাজ্যসভাৰ ২ আসনৰ বাবে ৭ জুনত ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
ৰাজ্যসভাৰ ২ আসনৰ বাবে ৭ জুনত ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ ৰাজ্যসভাত খালী হ'ব দুখন আসন। খালী হ'ব লগা অসমৰ এই দুই ৰাজ্যসভাৰ আসনৰ বাবে ৭ জুনত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। উল্লেখযোগ্য যে, অসমৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিং আৰু শান্তিৰাজ কুচুৰৰ কাৰ্যকাল অন্ত পৰিব ১৪ জুনত।

তাৰ পূৰ্বেই ৭ জুন অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে নিৰ্বাচন আয়োগে। আয়োগে সদৰি কৰা তথ্য অনুসৰি ৰাজ্যসভাৰ সেই দুখন আসনৰ বাবে ২১ মে'ত অধিসূচনা জাৰি কৰিব। ২৮ মে'ত মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ আৰু ২৯ মে'ত মনোনয়ন পত্ৰ পৰীক্ষা, ৩১ মে'ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

৭ জুনৰ পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেই দিনাই ৫ বজাৰ পৰা ভোটগণনা হ'ব। এই ভোটদানৰ সময়ত নিৰ্বাচন আয়োগে যোগান ধৰা বিশেষ স্কেছ কলমৰ দ্বাৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বিধায়কসকলে।

ইফালে, ৰাজ্যসভাত খালী হোৱা দুই আসনৰ এখনত বিজেপিয়ে ৰাম বিলাস পাছৱানক নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। আনখন আসন মিত্ৰতাৰ চুক্তি অনুসৰি অগপক বিজেপিয়ে এৰি দিয়াৰ কথা আছিল যদিও, সেই আসনখন এৰি দিয়ে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই।