পূৰ্বতকৈ ৬ ঘণ্টা বিলম্ব হ’ব লোকসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাত…

পূৰ্বতকৈ ৬ ঘণ্টা বিলম্ব হ’ব লোকসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাত…

author-image
asomiyapratidin
New Update
পূৰ্বতকৈ ৬ ঘণ্টা বিলম্ব হ’ব লোকসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাত…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণা হ'ব ২৩ মে'ত। এইবাৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণাত বিলম্ব হ'ব প্ৰায় ৬ ঘন্টা। ভিভিপেটৰ ব্যৱহাৰৰ বাবে এই বিলম্ব হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ৫৪২ খন আসনৰ বাবে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা। দেশৰ মুঠ ৫৪২টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈছিল ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈকে ভোটগ্ৰহণ। প্ৰায় ১০ লাখ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিছিল ৯০ কোটি ভোটাৰে।

প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰাৰ পাছতেই ৩০ মিনিটৰ পাছত ইভিএম সমূহ ভোটগণনাৰ বাবে সাজু কৰা হ'ব। ভোট গণনাৰ পূৰ্বে ভোট গণনা কেন্দ্ৰত থকা গণনাকাৰী বিষয়া আৰু কৰ্মচাৰীয়ে ইভিএম সমূহ পৰিদৰ্শন কৰিব। ইভিএম 'অন' কৰি তাৰ ছীল পেড পৰীক্ষাৰ পাছতহে ৰিজাল্ট বুটাম টিপি কোন ভোটগ্ৰহণ কেন্দ্ৰত কোনে কিমান ভোট পাইছে সেয়া পৰীক্ষা কৰিব ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত।