New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/loksabha-election-psd-copy.jpg)
- আজি লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।
- দেশৰ ৭খন ৰাজ্যৰ ৫১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ।
- প্ৰায় ৯ কোটি লোকে সাব্যস্ত কৰিব ভোটাধিকাৰ।
- ৰাজনাথ সিং, ৰাহুল গান্ধী, ছোনিয়া গান্ধী, স্মৃতি ইৰাণীকে ধৰি কেইবাগৰাকী হাইপ্ৰফাইল নেতাৰ ভাগ্য বন্দী হ'ব আজি।
- বিহাৰৰ ৫টা সমষ্টি, জম্মু–কাশ্মীৰ দুটা সমষ্টিত, ঝাৰখণ্ডত ৪টা, মধ্য প্ৰদেশত ৭টা, ৰাজস্থানত ১২টা, উত্তৰ প্ৰদেশত ১৪টা সমষ্টি আৰু পশ্চিমবংগত ৭খন আসনৰ বাবে ভোটগ্ৰহণ হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত।
- আজিৰ নিৰ্বাচনত কেইবাটাও সমষ্টি অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
- আজিৰ নিৰ্বাচনৰ গুৰুত্বপূৰ্ণ সমষ্টিকেইটা আৰু প্ৰাৰ্থীকেইগৰাকী হ'ল লক্ষ্ণৌত বিজেপি জ্যেষ্ঠ নেতা ৰাজনাথ সিং, লক্ষ্ণৌত বিজেপি নেতাজনক প্ৰত্যাহ্বান জনাইছে সমাজবাদী পাৰ্টীৰ পুনম সিনহাই।
- আমেথিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাইছে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে।
- ৰায়বেৰেলীৰ পৰা ছোনীয়া গান্ধী।
- ৰাজস্থানৰ গংগা নগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ নিহাল চান্দ চৌহান।
- পশ্চিমবংগৰ হুগলিত প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ লকেট চেটাৰ্জীয়ে।