অসমৰ চাৰি সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৫৪গৰাকী প্ৰাৰ্থী কোন কোন? জানিবলৈ পঢ়ক…

অসমৰ চাৰি সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৫৪গৰাকী প্ৰাৰ্থী কোন কোন? জানিবলৈ পঢ়ক…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

অসমৰ চাৰি সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ৫৪গৰাকী।

কোকৰাঝাৰ সমষ্টিঃ জনজাতিয় লোকৰ বাবে সংৰক্ষিত এই সমষ্টিটোত সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু অবড়ো সুৰক্ষা সমিতিৰ মনোনীত প্ৰাৰ্থী বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলৰ মনোনীত তথা বিজেপি-অগপৰ সভৰ্থিত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, ইউপিপিলৰ মনোনীত প্ৰাৰ্থী ইউ জি ব্ৰহ্ম, কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা, পূৰ্বাঞ্চল জনতা প্ৰাৰ্থীৰ চৰেণ ইচ্চৰি, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কমলাকান্ত দৈমাৰীকে ধৰি ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

বৰপেটা সমষ্টিঃ বৰপেটা সমষ্টিত মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোক ক্ৰমে- কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক, অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, এ আই ইউ ডি এফৰ প্ৰাৰ্থি ৰফিকুল ইছলাম, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী অৰুণ বৰুৱা, ছ'চিয়েলিষ্ট ইউনিটি চেষ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী চিত্ৰলেখা দাস, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী ছানিয়াৰা পাৰ্বিন, নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী প্ৰণৱজ্যোতি দাস ৰাজবংশী, নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন, দ্য নেশ্যনেল ৰোড মাপ পাৰ্টি অৱ ইণ্ডিয়াৰ প্ৰাৰ্থী মতিয়াৰ ৰহমান, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ৰেজাউল কৰিম, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু নিৰ্দলীয় প্ৰাৰ্থী আৰ্ফাণ আলী।

গুৱাহাটী সমষ্টিঃ মুঠ ১৭জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সন্মানীয় গুৱাহাটী সমষ্টিত। কংগ্ৰেছৰ ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজাৰ মাজতেই এই নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ'ব। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল ক্ৰমে- বিজেপিৰ প্ৰাৰ্থী কুইন ওজা, কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা, তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী মনোজ শৰ্মা, ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী অভিজিত চক্ৰৱৰ্তী, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ছাদেক আলী, স্বৰ্ণ ভাৰত পাৰ্টিৰ প্ৰাৰ্থী পংকজ দাস, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী পাৰ্থ প্ৰতিম বৰুৱা, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ) ৰ প্ৰাৰ্থী মামণি শৰ্মা, হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী ৰাজীৱ কাকতী, সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী ৰাতুল কুমাৰ চৌধুৰী, নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ৰুবি নেওগ, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- আলিমুদ্দিন আহমেদ, উপমন্যু হাজৰিকা, উৎপল বৰগোঁহাই, জোণমণি দেৱী খাউণ্ড, ফাৰুক আহমেদ ভূঞা, শংখ সিনহা।

ধুবুৰী সমষ্টিঃ ধুবুৰী সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল হ'ল- কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী, অগপৰ যাৱেদ ইছলাম, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰী, এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল, হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী অলকেশ ৰয়, ছ'চিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী শুৰত জামান মণ্ডল, পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী জহিৰুল ইছলাম খান, ভাৰতীয় নেশ্যনেল জনতা দলৰ প্ৰাৰ্থী নৃপেন দাস, ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী মেহবুবৰ ৰহমান, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী শ্বাহজাহান শ্বেখ, আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- অনামিকা সৰকাৰ, উত্তম কুমাৰ ৰায়, মিৰ হুছেইন সৰকাৰ, ৰুকুনুৰ জামান, ছুকুৰ আলী।