New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- আজি অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰে নিৰ্ণয় কৰিব কেইবাগৰাকীও হেভীৱেট প্ৰাৰ্থীৰ ভাগ্য।
- বিহাৰত ৫খন আসনৰ ভিতৰত আকৰ্ষণীয় হ'ব বেগুচৰাই সমষ্টিৰ যুঁজ।
- চিপিআইৰ কানহায়া কুমাৰৰ বিৰুদ্ধে যুঁজ দিছে বিজেপি নেতা গিৰিৰাজ সিঙে।
- মধ্য প্ৰদেশত ৬ আসনৰ ভিতৰত আছে মুখ্যমন্ত্ৰী কমল নাথৰ দুৰ্গ হিচাপে পৰিচিত চিণ্ডৱাৰা।
- চিণ্ডৱাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভোট যুদ্ধত নামিছে কমল নাথৰ পুত্ৰ নকুল নাথ।
- মহাৰাষ্ট্ৰৰ দক্ষিণ মুম্বাই সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব মুম্বাই কংগ্ৰছৰ অধ্যক্ষ মিলিন্দ দেওৰাৰ।
- মিলিন্দ দেওৰাৰ বিপক্ষে আছে ২০১৪ৰ বিজয়ী শিৱসেনাৰ প্ৰাৰ্থী অৰবিন্দ সাৱন্ত।
- উত্তৰ প্ৰদেশৰ উন্নাও সমষ্টিত আকৰ্ষণীয় যুঁজ।
- বৰ্তমানৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী সাক্ষী মহাৰাজৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰক্তন সাংসদ অনু টেণ্ডন।
- এছ পি, বিএছপি প্ৰাৰ্থীয়েও শক্তিশালী যুঁজ দিছে উন্নাও সমষ্টিত।
- পশ্চিম বংগৰ আচাঞ্চল সমষ্টিত ভোটযুদ্ধত নামিছে বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়।
- বাবুল সুপ্ৰিয়াৰ বিৰুদ্ধে তৃণমূলৰ প্ৰাৰ্থী মুন মুন সেনৰ যুঁজ।
- জম্মু-কাশ্মীৰৰ অনন্তনাগ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে।