/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে দেশৰ ৯খনকৈ ৰাজ্যৰ ৭২টা সংসদীয় সমষ্টিত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। পুৱা ৭ বজাৰ পৰা আবেলি ৬ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ পৰ্ব। সোমবাৰে প্ৰায় ১২.৭৯কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। অৰ্থাৎ ৯৬১গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰিব এই ভোটাৰ ৰাইজে।
১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ৩টা পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হৈছে। আৰু সোমবাৰে চতুৰ্থটো পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচন। অধিকাংশ ভোটকেন্দ্ৰত শান্তিতপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে যদিও, পশ্চিমবংগৰ বীৰভূমি জিলাত নানুৰত টিএমচি আৰু বিজেপি সমৰ্থকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰু দুই পক্ষৰ মাজত মীমাংসা কৰাৰো চেষ্টা চলায়।
উল্লেখ্য যে, চতুৰ্থ পৰ্যায়ত মহাৰাষ্ট্ৰৰ ১৭খন, ৰাজস্থানৰ ১৩খন, পশ্চিমবংগৰ ৮খন, উত্তৰপ্ৰদেশৰ ১৩খন, মধ্যপ্ৰদেশৰ ৬খন, ওড়িশ্যাৰ ৬খন, বিহাৰৰ ৫খন, ঝাৰখণ্ডৰ ৩খন আৰু জম্মু-কাশ্মীৰৰ ১খন আসনৰ বাবে হয় এই ভোটগ্ৰহণ। আনহাতে, চতুৰ্থ পৰ্যায়ত মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ভোটগ্ৰহণ পৰ্ব আৰম্ভ হোৱাৰ লগতে মহাৰাষ্ট্ৰ আৰু ওড়িশ্যাৰ ভোটগ্ৰহণ পৰ্ব অন্ত পৰে।
ইফালে, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ লগতে পশ্চিমবংগৰ কৃষ্ণনগৰ, মধ্যপ্ৰদেসৰ চিন্দৱাৰা আৰু উত্তৰপ্ৰদেশৰ নিগাছনা বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰো ভোটগ্ৰহণ অনুষ্ঠিত হয়। তদুপৰি ওড়িশ্যাৰ বিধানসভাৰ ৪২টা সমষ্টিৰ বাবে সোমবাৰে ভোটগ্ৰহণ হয়। প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকল ক্ৰমে- কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মিলিন্দ মুৰলী দেওৰা, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী তথা সাংসদ ডিম্পল যাদৱ, সাংসদ-অভিনেত্ৰী মুনমুন সেন, কংগ্ৰেছ নেতা ছলমান খুৰছিদ, কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়, প্ৰাক্তন সাংসদ প্ৰিয়া দত্ত, আৰ এল এছ পিৰ মুৰব্বী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুছৱাৰা, অভিনেত্ৰী শতাব্দী ৰায়, মহুৱা মৈত্ৰ, বলিউদৰ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ, সাক্ষী মহাৰাজ, মেহবুবা মুফটি, সুৰিন্দৰজিৎ সিং আলুৱালিয়া আদি।
উল্লেখ্য যে, সোমবাৰে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা উত্তৰপ্ৰদেশৰ মুঠ ১৩টা সমষ্টিৰ ১২টা সমষ্টিত ২০১৪চনত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছিল। ইফালে, কনৌজত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ জয়ী হৈছিল। তদুপৰি ৰাজ্যখনৰ উমাও সংসদীয় সমষ্টিত এক কঠিন নিৰ্বাচন যুঁজ হোৱাৰ সম্ভাৱনা আছে। কাৰণ সমষ্টিটোত বিজেপিয়ে বৰ্তমানৰ সাংসদ সাক্ষী মহাৰাজ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাক্তন সাংসদ অণু টেণ্ডনক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।
বিহাৰৰ বেগুচৰাই আৰু পশ্চিমবংগৰ আছানছল সংসদীয় সমষ্টিয়েও দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ সমষ্টিটোত চিপিআই সমৰ্থিত প্ৰাৰ্থী হিচাপে জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তাৰ বিপৰীতে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক প্ৰদান কৰে প্ৰাৰ্থিত্ব। আৰু আছানলত বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ বিপৰীতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মুনমুন সেনে। আনহাতে, জম্মু-কাশ্মীৰৰ ৪খনকৈ জিলাত বিস্তৃত অনন্তনাগ সংসদীয় সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে।
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বাতৰি লিখা সময় পৰ্যন্ত অব্যাহত হৈ আছে। ৰাজ্যৰ ৯খন ৰাজ্যৰ ৭২টা সমষ্টিত সন্ধিয়া ৫ বজালৈ হোৱা মুঠ ভোটদানৰ হাৰ ৫০.৬ শতাংশ। ৰাজ্যকেইখনত আবেলি ৫বজালৈ ভোটাধিকাৰ সাব্যস্ত কৰা ভোটদানৰ হাৰ এনেধৰণৰ- বিহাৰত ৪৪.৩৩ %, জম্মু-কাশ্মীৰত ৯.৩৭ %, ঝাৰখণ্ডত ৫৭.১৩ %, মধ্যপ্ৰদেশত ৫৭.৭৭ %, মহাৰাষ্ট্ৰত ৪২.৫২ %, ওড়িশ্যাত ৫৩.৬১ %, ৰাজস্থানত ৫৪.৭৫%, উত্তৰপ্ৰদেশত ৪৫.০৮ % আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৬৬.৪৬ %। অহা ২৩ মে'ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু তেতিয়া এই ৯৬১ গৰাকী প্ৰাৰ্থীৰ কোন কোন বিজয় সাব্যস্ত কৰিব সেই বিষয়ে জানিব পৰা যাব। ইফালে, ৬ মে'ত পঞ্চম পৰ্যায়ৰ, ১২ মে'ত ষষ্ঠ পৰ্যায়ৰ আৰু ১৯ মে'ত অন্তিম অৰ্থাৎ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।
উল্লেখযোগ্য যে, পঞ্চম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা ৰাজ্য কেইখন ক্ৰমে- বিহাৰ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ৰাজস্থান, ত্ৰিপুৰা আৰু পশ্চিমবংগ। ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া ৰাজ্য কেইখন ক্ৰমে- বিহাৰ, দিল্লী, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগ। আনহাতে, অন্তিম অৰ্থাৎ সপ্তম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজ্য কেইখন ক্ৰমেে- বিহাৰ, ছণ্ডীগড়, হিমাচলপ্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, পঞ্জাৱ, উত্তৰপ্ৰদেশ আৰু পশ্চিমবংগ।