তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিব কোন ৰথী-মহাৰথী…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিব কোন ৰথী-মহাৰথী…

author-image
asomiyapratidin
New Update
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিব কোন ৰথী-মহাৰথী…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অতি গুৰুত্বপূৰ্ণ তৃতীয় পৰ্যায়ৰ ১১৬টা লোকসভা সমষ্টিত অনুষ্টিত হ'ব ভোটদান প্ৰক্ৰিয়া। অসম, ত্ৰিপুৰাকে ধৰি ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত এলেকাত কেইবাগৰাকীও আগশাৰী নেতাৰ ভাগ্য নিৰ্ণয় হ'ব। দুয়োটা প্ৰধান ৰাজ্যনৈতিক দলৰ সভাপতি ক্ৰমে কংগ্ৰেছৰ ৰাহুল গান্ধী কেৰালা ৱায়নাড আৰু বিজেপিৰ সভাপতি অমিত শ্বাহ গুজৰাটৰ গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ইয়াৰোপৰি, তৃতীয় পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'বলগীয়া আন কেইজনমান নেতা হৈছে- প্ৰবীণ কংগ্ৰেছী মলিকাৰ্জুন খাৰ্গে, জম্মু-কাশ্মীৰৰ প্ৰাাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটী, সমাজৱাদী পাৰ্টিৰ মুল্যায়াম সিং যাদৱ, আজম খান, অভিনেত্ৰী জয়া প্ৰদা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুশীল কুমাৰ সিন্ধে আৰু যুৱ বিজেপি নেতা বৰুণ গান্ধীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।

মঙলবাৰে গুজৰাটৰ গান্ধীনগৰৰ লগতে গুজৰাটৰ চাৰিটা বিধানসভা সমষ্টিৰো উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। গুজৰাটৰ গান্ধীনগৰত ভোটদান সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। আহমেদাবাদৰ ৰাণী এলেকাৰ নিছান বিদ্যালয়ত ভোটদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ২০১৪ৰ লোকসভা নিৰ্বাচনতো এই কেন্দ্ৰটোতে ভোটদান কৰিছিল মোডীয়ে।

ইপিনে, বিহাৰৰ ৫খন আসনত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত ৰাজ্যখনৰ মন্ত্ৰী দীনেশ চন্দ্ৰ যাদৱ আৰু পাপু যাদৱৰ ভাগ্য নিৰ্ণয় হ'ব। এন চি পিৰ প্ৰধান শৰৎ পাৱৰৰ কন্যা সুপ্ৰিয়াৰো ভাগ্য নিৰ্ণয় হ'ব মঙলবাৰে। উল্লেখ্য যে, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আমেঠিৰ উপৰিও কেৰালাৰ বায়নাড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।