/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ত ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত অসমৰ লোকসভা নিৰ্বাচন অন্ত পৰিব। দেশত অৱশ্যে আৰু চাৰি পৰ্যায়ৰ নিৰ্বাচন বাকী ৰ'ব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ১১৬টা সমষ্টিত ভোটগ্ৰহণ হ'ব। দেশৰ অন্য প্ৰান্তৰ তুলনাত অসমত এই নিৰ্বাচনী যুঁজে বিশেষ চৰ্চা লাভ কৰিছে। যি চাৰিটা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, সেই সমষ্টি কেইটাত পূৰ্বৰ সমষ্টিবোৰৰ দৰে দ্বিকোণীয় প্ৰতিদ্বন্দ্বিতাতেই সীমাৱদ্ধ নহ'ব। অসমৰ চাৰি সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ৫৪গৰাকী। বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা এই ৫৪ জন প্ৰাৰ্থীৰ ভিতৰত বহুকেইজনৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ।
এ ডি আৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ৫৪ জন প্ৰাৰ্থীৰ ভিতৰত ৮ জন অথাৎ ১৫ শতাংশ প্ৰাৰ্থী অপৰাধমূলক গোচৰত অভিযুক্ত আৰু ৬ জন অথাৎ ১১ শতাংশ প্ৰাৰ্থী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত। দল অনুযায়ী এই ৪ সমষ্টিত কংগ্ৰেছৰ ৪ প্ৰাৰ্থীৰ ভিতৰত অপৰাধমূলক গোচৰত অভিযুক্ত এজন আৰু গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত প্ৰাৰ্থী আছে এজন। ঠিক তেনেদৰে তৃণমূল কংগ্ৰেছৰ ৩ জন প্ৰাৰ্থীৰ ভিতৰত ১ জন অপৰাধ আৰু ১ জন গুৰুতৰ অপৰাধত অভিযুক্ত। অসম গণ পৰিষদ দলৰ ২ জন প্ৰাৰ্থীৰ ভিতৰত এজনৰ বিৰদ্ধে আছে অপৰাধমূলক গোচৰ। আনফালে এ আই ইউ ডি এফৰ ২ জন প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। নিৰ্দলীয় প্ৰাৰ্থী ১৫ জনৰ ভিতৰত ২ জনৰ বিৰুদ্ধে অপৰাধ আৰু ২ জনৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধমূলক গোচৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us