দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হ'ব সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই নিৰ্বাচনত অৱৰ্তীণ হ'ব মুঠ ১৬৩৪জন প্ৰাৰ্থী। এই প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ সৈতে গাঠি দিয়া শপতনামাত প্ৰকাশ পাইছে বহু তথ্য। ইতিমধ্যে এ ডি আৰে প্ৰস্তুত কৰি উলিওৱা এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে- এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে ৪২৩ গৰাকী হৈছে কোটিপতি। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ ৫৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪৬ জনেই কোটিপতি।

আনহাতে বিজেপি দলৰ ৫১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪৫ গৰাকীয়েই হৈছে কোটিপতি। এই কোটিপতি তালিকাৰ ভিতৰত সবাতোকৈ ধনী প্ৰাৰ্থী গৰাকী হৈছে কংগ্ৰেছ দলৰ। তামিলনাডু কন্যাকুমাৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বসন্ত কুমাৰ এছ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থী। বসন্ত কুমাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪১৭ কোটি টকা।

এই তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছৰে আন এগৰাকী প্ৰাৰ্থী। বিহাৰৰ পুৰ্ণিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা উদয় সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৪১ কোটি টকা। আনহাতে ধনী প্ৰাৰ্থীৰ তালিকাত তৃতীয় স্থানত আছে কণাৰ্টকৰ বেংগালুৰু গ্ৰামীণ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডি কে সুৰেশ। তেওৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩৮ কোটি টকা।