জমাধন ৯ টকা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ দুখীয়া ৩ গৰাকী প্ৰাৰ্থী…

জমাধন ৯ টকা, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ দুখীয়া ৩ গৰাকী প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
মঙলবাৰে অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হ'ব সপ্তদশ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই নিৰ্বাচনত অৱৰ্তীণ হ'ব মুঠ ১৬৩৪জন প্ৰাৰ্থী। এই প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ সৈতে গাঠি দিয়া শপতনামাত প্ৰকাশ পাইছে বহু তথ্য। সেই তথ্য অনুসৰি এই প্ৰাৰ্থী সকলৰ ভিতৰত ১৬জন প্ৰাৰ্থীৰ কোনো সম্পত্তিয়েই নাই। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ দুখীয়া প্ৰাৰ্থী গৰাকী হ'ল মহাৰাষ্টৰ চৌলাপুৰ সমষ্টিৰ হিন্দুস্তান জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্ৰীভেঙ্কেটেশ্বৰ মহাস্বামীজী। এই প্ৰাৰ্থীজনৰ ওচৰত কোনো সম্পত্তি নাই। প্ৰাৰ্থী গৰাকীৰ ওচৰত মুঠ জমা ধন আছে মাত্ৰ ৯ টকা।

আনহাতে এই তালিকাৰ দ্বিতীয় স্থানত আছে তামিলনাডুৰ ময়িলাদুুুথুৰই সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজেশ পি। ৰাজেশৰো কোনোধৰণৰ সম্পত্তি নাই। জমা ধনৰ পৰিমাণ ১০০ টকা। তৃতীয় স্থানত আছে তামিলনাডুৰ ময়িলাদুথুৰই সমষ্টিৰে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৰাজা এন। কোনো সম্পত্তি নথকা এই প্ৰাৰ্থীজনৰ জমা ধন ১০০ টকা।